Sibsagar Nagarik Sabha:শিৱসাগৰত অনুষ্ঠিত নাগৰিক সভা ত্যাগ কৰি ওলাই আহিল বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা

নাগৰিক সভাত গৰজি উঠি ক'লে এইখন নাগৰিক সভা নহয়, এইখন ৰাজনৈতিক সভা

singhal 3

Sibsagar Nagarik Sabha:

শিৱসাগৰত আজি অনুষ্ঠিত নাগৰিক সভাত গৰজি উঠিল বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা ৷ স্থানীয় বিধায়ক অখিল গগৈৰ বিৰুদ্ধে তীব্ৰ বাক্যবাণ প্ৰয়োগ কৰি কয়, :’শৃংখল চলিহাই বিজেপিও নকৰে, কংগ্ৰেছো নকৰে। মই হিন্দুও নহয়, মুছলমানো নহয়। মই এজন খিলঞ্জীয়া। ৰমু চলিহাৰ ল’ৰা হও মই৷ কেতিয়াও নিজৰ ভূমিত সাম্প্ৰদায়িক সংঘৰ্ষ হ’ব নিদিও ৷ কেতিয়াও অখিলঞ্জীয়াৰ আগ্ৰাসনো সহ্য নকৰো ৷

হিমন্ত বিশ্ব শৰ্মাৰ পইচা লৈ হিন্দু-মুছলমান কৰিব বিচৰা বুলি অখিল গগৈয়ে কোৱা মন্তব্যৰ তীব্ৰ বিৰুদ্ধাচৰণ কৰি শৃংখল চলিহাই ৰাজহুৱা সভাতে তীব্ৰ সমালোচনা কৰে অখিল গগৈক ৷

আনহাতে সভাখন চলি থকা অৱস্থাতে সভাগৃহ ত্যাগ কৰি চলিহাই কয়,এইখন নাগৰিক সভা নহয়, ৰাইজৰ দলৰ সভা বুলি তিৰ্যক মন্তব্য আয়োজক সমিতিক ৷

Exit mobile version