Metro Rail:✒️দেওবাৰে বেংগালুৰুত নতুন মেট্ৰ’ পথ উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । বহু প্ৰত্যাশিত ইয়েলো লাইন মেট্ৰ’ৰ উদ্বোধনী অনুষ্ঠানে তথ্য-প্ৰযুক্তি কৰ্মীসকলক যথেষ্ট উপকৃত কৰিব বুলি অনুমান কৰা হৈছে।
১৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই মেট্ৰ’ লাইনটো বেংগালুৰুৰ আৰভি ৰোড (ৰাগিগুড্ডা)ৰ পৰা বোম্মাছান্দ্ৰালৈকে বিস্তৃত হ’ব। এই পথত ইয়াৰ মুঠ ১৬টা ষ্টেচন থাকিব। এই নতুন পথটোৱে বেংগালুৰুত যানজঁট বহু পৰিমাণে হ্ৰাস কৰিব বুলি অনুমান কৰা হৈছে।
বেংগালুৰুৰ আটাইতকৈ ডাঙৰ সমস্যা হৈছে যান-জঁটৰ সমস্যা। আই টি কৰ্মীৰ বাবে ই এক দুঃস্বপ্ন। এই মেট্ৰ’ লাইনে চহৰখনৰ প্ৰধান আই টি হাব যেনে ইলেক্ট্ৰনিক চিটিক চহৰৰ বাকী অংশৰ স’তে পোনপটীয়াকৈ সংযোগ কৰে।
ফলত যাতায়তকাৰীয়ে ডেৰ ঘণ্টাৰ পৰা দুঘণ্টালৈকে যাত্ৰা কৰি মাত্ৰ ৪৫ মিনিটতে গন্তব্যস্থান পাব পাৰিব।
বেংগালুৰু মেট্ৰ’ৰ ইয়েলো লাইনক মহানগৰীৰ অন্যান্য মেট্ৰ’ পথৰ স’তেও সংযোগ কৰা হৈছে। ফলত যাত্ৰীসকলে এটা লাইনৰ পৰা আন এটা লাইনলৈ সহজে যাব পাৰিব, যাৰ ফলত বেংগালুৰুৰ সমগ্ৰ মেট্ৰ’ নেটৱৰ্ক উন্নত হ’ব।
বেংগালুৰু Yellow মেট্ৰ’ পথৰ সমান্তৰালকৈ প্ৰধানমন্ত্ৰীয়ে একেদিনাই তিনিখন বন্দে ভাৰত এক্সপ্ৰেছৰো উদ্বোধন কৰে। বন্দে ভাৰতৰ নতুন পথসমূহ হ’ল: কে এছ আৰ বেংগালুৰু-বেলাগাৱী, শ্ৰী মাতা বৈষ্ণো দেৱী কাত্ৰ-অমৃতসৰ আৰু নাগপুৰ (আজনী)-পুনে।
ইয়াৰ ফলত দেশত মুঠ বন্দে ভাৰতৰ সংখ্যা হ’ল ১৫০টা ।বেংগালুৰু-বেলাগাৱী পথৰ জৰিয়তে কৰ্ণাটকৰ উত্তৰ আৰু দক্ষিণ অংশৰ মাজত যাত্ৰাৰ সময় বহু পৰিমাণে হ্ৰাস পাব।
এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ এক্স হেণ্ডেলত পোষ্ট কৰে। প্ৰধানমন্ত্ৰীয়ে লিখিছে,” এই নতুন প্ৰকল্পসমূহে বেংগালুৰুৰ সংযোগ উন্নত কৰাই নহয়, বেংগালুৰুক স্মাৰ্ট চিটি হিচাপেও প্ৰদৰ্শন কৰিব।”






























