UttarPradesh:✒️পুনৰ পোহৰলৈ আহিছে যোগীৰাজ্য উত্তৰ প্ৰদেশৰ স্বাস্থ্য ব্যৱস্থাৰ অচল অৱস্থা।গুৰুতৰ অৱস্থাত চিকিৎসালয়ত ভৰ্তি হ’লেও ৰোগীৰ চিকিৎসা নকৰিলে চিকিৎসকে ।
কাৰ্যতঃ কোনো চিকিৎসা নোহোৱাকৈ ১১ ঘণ্টা ধৰি চিকিৎসালয়ত পৰি থকাৰ পাছত অৱশেষত যুৱকজনৰ মৃত্যু হয়।
উত্তৰ প্ৰদেশৰ কানপুৰৰ দেহাত চিকিৎসা মহাবিদ্যালয়ত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।চিকিৎসালয়ৰ সূত্ৰ অনুসৰি ২৫ বছৰীয়া মৃত যুৱকজনৰ নাম সুন্দৰ।
বিগত শনিবাৰে দিনৰ প্ৰায় ১.১৫ বজাত একাংশ অচিনাক্ত ব্যক্তিয়ে যুৱকজনক চিকিৎসা মহাবিদ্যালয়ৰ জৰুৰীকালীন কক্ষত ভৰ্তি কৰে। অতি গুৰুতৰ অৱস্থাত বমি কৰি থকা যুৱকজনে কথাও ক’ব পৰা নাছিল।
অৱস্থা ক্ৰমান্বয়ে ভয়াৱহ হৈ পৰাত যুৱকজনক কানপুৰৰ হালেট হাস্পতাললৈ প্ৰেৰণ কৰা হয়।যদিও তেওঁক চিকিৎসালয়লৈ নিয়াৰ বাবে কোনো নাছিল।
এনে পৰিস্থিতিত চিকিৎসালয় কৰ্তৃপক্ষই থানাক খবৰ দিয়ে। ৰোগীজনক নিবলৈ কোনোবা এজনক পঠিয়াবলৈ অনুৰোধ কৰা হয়।
চিকিৎসালয় কৰ্তৃপক্ষই দাবী কৰা মতে, থানাৰ পৰা কোনো লোক আহি নোপোৱাৰ বাবেই ৰোগীজন চিকিৎসালয়তে থাকিল। প্ৰায় ১০ ঘণ্টা ধৰি চিকিৎসালয়ত কোনো চিকিৎসা নোপোৱাকৈ পৰি থকাৰ পাছত নিশা প্ৰায় ১১ বজাত তেওঁৰ মৃত্যু হয়।
প্ৰত্যক্ষদৰ্শীয়ে অভিযোগ কৰা মতে যুৱকজনৰ মৃত্যুৰ পাছত চিকিৎসালয়ৰ কৰ্মচাৰীয়ে মৃতদেহটো ৱাৰ্ডত এৰি থৈ যায়। ৰাতিটো পৰি থকা মৃতদেহৰ দুৰ্গন্ধৰ বাবে বাকী ৰোগীসকল কোঠাৰ পৰা ওলাই আহে। দেওবাৰে পুৱা ৰোগী আৰু তেওঁৰ পৰিয়ালৰ পৰা এই বিষয়ে জানিব পাৰি কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ কৰে।
বিষয়টো জানিব পাৰি জিলা দণ্ডাধীশে নিজেই চিকিৎসালয়লৈ গৈ বিষয়টো প্ৰত্যক্ষ কৰি চিকিৎসালয় কৰ্তৃপক্ষৰ গাফিলতিৰ তদন্তৰ নিৰ্দেশ দিয়ে। ইয়াৰ পাছত পুৱা প্ৰায় ন বজাত মৃতদেহটো মৰ্গলৈ প্ৰেৰণ কৰা হয়।
ইফালে, চিকিৎসালয়ৰ পৰা তথ্য লাভ কৰাৰ পাছত এজন ব্যক্তিক প্ৰেৰণ কৰা বুলি আৰক্ষীয়ে দাবী কৰিছে। কিন্তু এম্বুলেন্সৰ অনুপলব্ধতাৰ বাবে তেওঁক লৈ যাব পৰা নগ’ল। অৱশ্যে চিকিৎসালয় কৰ্তৃপক্ষই সেই দাবী খাৰিজ কৰিছে।
আৰক্ষীৰ অসহযোগৰ বাবেই ৰোগীজনৰ মৃত্যু হোৱা বুলি দাবী কৰে।যদিও ৱাৰ্ডৰ আন ৰোগীসকলে দাবী কৰে যে ৰোগীজনক দীৰ্ঘ সময় পৰি থকাৰ পাছতো কোনো চিকিৎসক দেখা নাপালে, যাৰ ফলত চিকিৎসা অবিহনে তেওঁৰ মৃত্যু হয়। স্বাস্থ্য ব্যৱস্থাৰ এই ভয়াবহ অৱহেলাত আতংকিত হৈ পৰিছে চিকিৎসালয়খনৰ বাকী ৰোগীসকল।
