পুনৰ ৰক্তাক্ত স্বৰ্গ!বাৰামুল্লাত উগ্ৰপন্থী আক্ৰমণত শ্বহীদ এজন জোৱান

পুনৰ ৰক্তাক্ত ভূস্বৰ্গ কাশ্মীৰ । বাৰামুল্লাত ভাৰতীয় সেনাৰ শিবিৰত সন্ত্ৰাসবাদী আক্ৰমণ। অৱশ্যে ভাৰতীয় সেনাই ততাতৈয়াকৈ এই আক্ৰমণ প্ৰতিহত কৰে। আক্ৰমণত নিহত এজন ভাৰতীয় সৈনিক ।

মঙলবাৰে নিশা উৰি ছেক্টৰৰ টিক্কা সীমান্ত চকীৰ সমীপৰ নিয়ন্ত্ৰণ ৰেখাৰ কাষেৰে অনুপ্ৰৱেশ কৰে সন্ত্ৰাসবাদীৰ এটা দল।

সীমান্ত একচন টিমে এই আক্ৰমণ বিফল কৰে। ঘটনাৰ পাছতে পৰা সজাগ হৈ আছে ভাৰতীয় সেনা ।

সেনাই সমগ্ৰ অঞ্চলটো অনুসন্ধান অব্যাহত ৰাখিছে । প্ৰাপ্ত তথ্য অনুসৰি,পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীৰ এটা দলে এই আক্ৰমণ সংঘটিত কৰে।

মঙলবাৰে নিশা অনুপ্ৰৱেশৰ সময়ত সন্ত্ৰাসবাদীয়ে সেনাৰ ওপৰত গুলীচালনা কৰে। তেতিয়াই গুৰুতৰভাৱে আহত হয় এজন জোৱান।

Exit mobile version