Puri Jagannath Temple:✒️এইবাৰ পুৰীৰ জগন্নাথ মন্দিৰ উৰুৱাই দিয়াৰ ভাবুকি। মন্দিৰৰ ওচৰৰ এখন দেৱালত লিখা আছে ভয়ংকৰ ভাবুকিৰ বাৰ্তা । যি দেখি আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ। আৰক্ষীৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন হৈছে।
ওড়িশাৰ কেবাটাও স্থানীয় সংবাদ মাধ্যমে দাবী কৰিছে যে পুৰীৰ জগন্নাথ মন্দিৰৰ সমীপৰ এখন দেৱালত ভাবুকিপূৰ্ণ বাৰ্তা দেখা গৈছে।
ওড়িয়া আৰু ইংৰাজী দুয়োটা ভাষাতে লিখা আছে, সন্ত্ৰাসবাদী আক্ৰমণত ধ্বংস হ’ব জগন্নাথৰ মন্দিৰ ।ইয়াৰ লগতে দিয়া হৈছে কেবাটাও ফোন নম্বৰ ।
সেই নম্বৰত স্থানীয় লোকক ফোন কৰিবলৈও পৰামৰ্শ দিয়া হৈছে। কেৱল সেয়াই নহয়, সু-ৰক্ষণাবেক্ষণ কৰা অঞ্চলটোৰ কেবাটাও লাইট আৰু লাইট পোষ্টো ভঙা অৱস্থাত উদ্ধাৰ কৰা হৈছে।
প্ৰশ্ন উত্থাপন হয়, পুৰীৰ জগন্নাথ মন্দিৰৰ দৰে উচ্চ নিৰাপত্তাসম্পন্ন এলেকাত এনে ঘটনা কেনেকৈ সংঘটিত হ’বলৈ পালে ? সমগ্ৰ মন্দিৰ চৌহদ আৰু ইয়াৰ আশে-পাশে থকা বিশাল অঞ্চলটো চিচিটিভি কেমেৰাৰে আবৃত। নিৰাপত্তাৰক্ষীয়েও অহৰহ টহল দিয়ে।
সেইবোৰক আওকাণ কৰি কোনে এই বাৰ্তা লিখিলে? সেই অঞ্চলৰ লাইট বা লাইটপোষ্ট কেনেকৈ ভাঙিল? সমগ্ৰ ঘটনাটোত এতিয়া ওড়িশা আৰক্ষীৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন হৈছে।






























