দিল্লী আৰু দেশৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ বাট-পথ আদিৰ পৰা অঘৰী কুকুৰ আঁতৰাবলৈ অলপতে উচ্চতম ন্যায়ালয়ে জাৰি কৰা নিৰ্দেশ পুনৰীক্ষণৰ আশ্বাস দিছে দেশৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাইয়ে।
উল্লেখ্য যে যোৱা ১১ আগষ্টত উচ্চতম ন্যায়ালয়ে ৰাজহুৱা স্থানৰ পৰা ছয়-আঠ সপ্তাহৰ ভিতৰত অঘৰী কুকুৰবোৰ আঁতৰাই কোনো নির্দিষ্ট স্থানত আবদ্ধ কৰিবলৈ নিৰ্দেশ জাৰি কৰে।
সেই অনুসৰি, সংশ্লিষ্ট কর্তৃপক্ষই অঘৰী কুকুৰ সংগ্ৰহৰ কাম আৰম্ভ কৰিছে। আজিলৈ কে’বাশ কুকুৰ সংগ্ৰহ কৰে। আনহাতে, ন্যায়ালয়ৰ এই নির্দেশে চৌদিশে প্রবল প্রতিক্ৰিয়াৰ সৃষ্টি কৰে। দিল্লীকে ধৰি বহু অঞ্চলৰ লোকে নির্দেশটোক লৈ ক্ষোভপ্রকাশ কৰে।
লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়েও বিৰূপ প্রতিক্রিয়া প্রকাশ কৰে। আনকি বলিউদৰ অভিনেতা-অভিনেত্ৰীসকলো সৰৱ হৈ উঠে। বহুতে দাবী কৰে যে এই ইতৰ প্রাণীবিধৰ প্ৰতি মানবীয় আচৰণ কৰা উচিত।
এনে বিৰূপ প্রতিক্ৰিয়াৰ মাজতে বুধবাৰে ন্যায়াধীশ গাভাই কয় যে এই অঘৰী কুকুৰবোৰক কোনো স্থানত আবদ্ধ কৰিবলৈ উচ্চতম ন্যায়ালয়ে দিয়া নির্দেশ তেওঁ পুনৰীক্ষণ কৰিব। মুখ্য ন্যায়াধীশৰ এই আশ্বাসক লৈ বহুতে স্বস্তিব নিশ্বাস ত্যাগ কৰিছে।
উল্লেখ্য যে উচ্চতম ন্যায়ালয়ে দিল্লী আৰু দেশৰ ৰাজধানী অঞ্চলত ঘৰৰ বাহিৰত য’তে-ত’তে বা বাটে-পথে খাদ্যৰ অৱশিষ্ট অংশ নেপেলাবলৈ নির্দেশ জাৰি কৰিছে।
মঙলবাৰে ন্যায়ালয়ে দেশৰ ৰাজধানী মহানগৰখনৰ বাটে-পথে উচ্ছিষ্ট নেপেলাবলৈ সকলো লোকলৈ নির্দেশ জাৰি কৰে।
উল্লেখ্য যে শেহতীয়াভাবে দিল্লীত অঘৰী বা পথৰ কুকুৰৰ কামোৰত জলাতংকত আক্রান্ত হৈ বহু লোকৰ মৃত্যু হৈছে। ৰেবিছ ভাইৰাছে সৃষ্টি কৰা এই ৰোগৰ কোনো চিকিৎসা নাই। গতিকে আক্রান্তজনৰ মৃত্যু অৱধাৰিত হৈ পৰে।
দিল্লীত এনেদৰে জলাতংকত মৃত্যুৰ সংখ্যা বৃদ্ধিক লৈ উদ্বেগ প্ৰকাশ কৰি কালি ন্যায়ালয়ে পথৰ কুকুৰবোৰ আঁতৰাই কোনো এক স্থানত ৰাখিবলৈ নির্দেশ জাৰি কৰে। বিষয়টোক লৈ ইতিমধ্যে আলোচনাত মিলিত হৈছে দিল্লী পৌৰসভা আৰু নতুন দিল্লী পৌৰ নিগম।
ইয়াৰ মাজতে একাংশ লোকে পথৰ কুকুৰবোৰৰ বাবে ব্যাপক পৰিসৰত বন্ধ্যাকৰণ কাৰ্যসূচী লোৱাৰ পোষকতা কৰিছে। এইসকলৰ মতে, বন্ধ্যাকৰণৰ ফলত এনে কুকুৰৰ সংখ্যা হ্রাস পাব আৰু পথত অঘৰী কুকুৰৰ সন্ত্রাস দূৰ হ’ব।
শেহতীয়াভাৱে দিল্লীত বাট-পথতে নহয়, বিভিন্ন এপার্টমেণ্টৰ চৌহদ তথা ভৱনৰ ভিতৰৰ পথসমূহতো অঘৰী কুকুৰৰ সংখ্যা বৃদ্ধি পাইছে। আনকি লিফটৰ ভিতৰতো এনে কুকুৰৰ অবাধ বিচৰণ ঘটিছে।
এই সম্পর্কত উচ্চতম ন্যায়ালয়ে মত পোষণ কৰিছে যে মানুহে য’তে-ত’তে খাদ্য পেলোৱাৰ ফলত এনে কুকুৰৰ সংখ্যা বৃদ্ধি পাইছে। গতিকে য’তে-ত’তে খাদ্য পেলোৱা বন্ধ কৰিবলৈ ন্যায়ালয়ে নির্দেশ জাৰি কৰিছে।
এই নির্দেশ শীঘ্ৰে কাৰ্যকৰী কৰিবলৈও সংশ্লিষ্ট কর্তৃপক্ষক ন্যায়ালয়ে নির্দেশ দিছে। ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি ঘৰৰ বাহিৰত খাদ্যৰ অৱশিষ্ট অংশ কেৱল ডাষ্টবিনত পেলাব লাগিব। কোনো কাৰণতে মুকলি স্থান অথবা উন্মুক্ত ডাষ্টবিনত কোনেও খাদ্য পেলাব নোৱাৰিব।
য’তে ত’তে পেলোৱা খাদ্য খাবলৈ আহিও কুকুৰ-মেকুৰী আদিয়ে আকস্মিকভাৱে মানুহক কামোৰে বুলি ন্যায়ালয়ে মন্তব্য কৰিছে। পথৰ কুকুৰে সৃষ্টি কৰা এনে সমস্যা সন্দর্ভত দিল্লী পৌৰসভা আৰু নতুন দিল্লী পৌৰ নিগমৰ বিষয়াৰ স’তে উচ্চতম ন্যায়ালয়ৰ প্ৰশাসনৰ বিষয়া আলোচনাত মিলিত হৈছে।
এনে আলোচনাৰ জৰিয়তে তিনিওটা পক্ষই পথৰ কুকুৰৰ সমস্যা সমাধানৰ পথ উলিওৱাৰ চেষ্টা কৰিছে।
