Karachi:✒️স্বাধীনতা দিৱসৰ উপলক্ষে চলিছে উদযাপন। সকলোৱে আনন্দত আত্মহাৰা । শূণ্যত চলিছে গুলী। আৰু সেই উদযাপনে মুহূৰ্ততে কঢ়িয়াই আনিলে তীব্ৰ শোক!
বন্দুকৰ গুলীত এটি শিশুসহ তিনিজন লোকে প্ৰাণ হেৰুৱাইছে। আহত হৈছে কমেও ৬৪ জন। এই কৰুণ ঘটনা সংঘটিত হৈছে পাকিস্তানৰ কৰাচীত।
বৃহস্পতিবাৰ পাকিস্তানৰ স্বাধীনতা দিৱস। ইয়াৰ পূৰ্বে বুধবাৰে কৰাচীৰ বিভিন্ন প্ৰান্তত উদযাপন চলি আছিল। সেই সময়ত বহুতে আনন্দত আত্মহাৰা হৈ শূণ্যলৈ গুলীচালনা কৰে।
তেতিয়াই সংঘটিত হয় এই ঘটনা । আজিজাবাদত গুলীবিদ্ধ হৈ মৃত্যু হয় এটি আঠ বছৰীয়া শিশুৰ।
একে কাৰণতে কোৰাংগী অঞ্চলত ষ্টিফেন নামৰ এজন যুৱকেও প্ৰাণ হেৰুৱাইছিল। ইয়াৰ উপৰিও সমগ্ৰ কৰাচীত উদযাপনত শূণ্যলৈ গুলীচালনা কৰি কমেও ৬৪ জন লোক আহত হয়।
তথ্য লাভ কৰি ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী আৰু উদ্ধাৰকাৰী দল। আহতসকলক উদ্ধাৰ কৰি বিভিন্ন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।সম্প্ৰতি আহতসকল চিকিৎসাধীন হৈ আছে।
একে সময়তে বুধবাৰে নিশা কৰাচীৰ বিভিন্ন অঞ্চলত সংঘটিত হোৱা দাঙ্গাত মুঠ পাঁচজন লোক নিহত হয়। ইতিমধ্যে এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। এই কথা বৃহস্পতিবাৰে প্ৰকাশ কৰিছে পাকিস্তানী সংবাদ মাধ্যমে।
