Rahul Gandhi:✒️নির্বাচন আয়োগৰ বিৰুদ্ধে ভোেট চুৰিৰ অভিযোগ উত্থাপন কৰি সংসদৰ বাহিৰে-ভিতৰে সৰৱ হৈ থকা কংগ্ৰেছ নেতা ৰাহুল গান্ধীক একাংশ বিজেপি সাংসদে প্রাণনাশৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে।
প্রাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত ইন্দিৰা গান্ধীৰ দশাই নাতিয়েক ৰাহুলৰো হ’ব বুলি দুজন বিজেপি সাংসদে ভাবুকি দিয়া বুলি কংগ্রেছ নেতাজনৰ অধিবক্তাই অভিযোগ উত্থাপন কৰিছে।
হিন্দুত্ববাদীসকলৰ আদৰ্শ বিনায়ক দামোদৰ ছাভাৰকাৰৰ বিৰুদ্ধে ২০২২ৰ ‘ভাৰত জোড়ো’ যাত্রাত অংশগ্রহণৰ সময়ত ৰাহুলে মন্তব্য কৰাক লৈ তেওঁৰ এই ভাবুকিৰ সম্মুখীন হৈছে বুলি অধিবক্তাজনে সদৰী কৰিছে।
উল্লেখ্য যে ছাভাৰকাৰৰ বিৰুদ্ধে কৰা এই মন্তব্যক লৈ ৰাহুলৰ বিৰুদ্ধে এজন লোকৰ অভিযোগৰ ভিত্তিত মহাৰাষ্ট্ৰৰ নাছিকৰ এখন আদালতত মানহানি গোচৰো ৰুজু হৈছে।
যোৱা ২৪ জুলাইত এই গোচৰত তেওঁক আদালতে জামিন দিয়ে। বুধবাৰে তেওঁৰ অধিবক্তা মিলিন্দ পাৱাৰে কয় যে কংগ্রেছে ন্যায়িক প্রক্ৰিয়াত লিপিবদ্ধকৰণৰ বাবে আদালতত এখন সুকীয়া আবেদন দাখিল কৰিছে।
ইয়াৰ জৰিয়তে সমগ্ৰ ৰাজনৈতিক আৰু ঐতিহাসিক প্রেক্ষাপটক সম্পূর্ণরূপে এক সুকীয়া সুকীয়া দৃষ্টিৰে চাব পৰাৰ উদ্যোগ লোৱা হৈছে বুলি তেওঁ জনায়।
এই সম্পর্কত অধিবক্তা পাৱাৰে লগতে কয়, ‘বিগত ১৫ দিন ধৰি আমাৰ মক্কেল ৰাহুল গান্ধীয়ে নির্বাচন আয়োগৰ বিৰুদ্ধে এক প্রতিবাদক নেতৃত্ব দি আহিছে। সংসদৰ অধিবেশনতো প্রতিবাদ সাব্যস্ত হৈ আহিছে।
‘হিন্দুত্ব’ শব্দটোক লৈ ৰাহুল আৰু প্ৰধানমন্ত্ৰীৰ মাজত তর্ক লোক-বিতর্কও হৈছে। এই সকলো তথ্য লিপিবদ্ধ হৈছে। এনে সময়তে বিজেপিৰ দুজন সাংসদে ৰাহুল গান্ধীক পদত্যাগ কৰিবলৈ কৈ ভাবুকি দি সতৰ্ক কৰি দিছে যে আইতাকৰ দশাই তেওঁৰো দশা হ’ব। তদুপৰি তেওঁলোকে তেওঁ (ৰাহুল) ক সবাতোকৈ ডাঙৰ সন্ত্রাসবাদীও আখ্যা দিছে।’
ভাবুকি দিয়াসকলৰ ‘বংশাৱলী’ লক্ষ্য কৰি এই ভাবুকি লোকসভাৰ বিৰোধী দলপতিৰ বাবে এক ডাঙৰ উদ্বেগৰ বিষয় বুলিও অধিবক্তা পাৱাৰে মন্তব্য কৰিছে। ৰাহুলক ভাবুকি দিয়াসকল ছাভাৰকাৰৰ অনুগামী বুলি উল্লেখ কৰি অধিবক্তাজনে লগতে কয়, ‘ৰাহুল গান্ধীয়ে বর্তমানে যি স্থিতি গ্ৰহণ কৰিছে তাৰ পৰিপ্ৰেক্ষিতত তেওঁৰ কোনো ক্ষতি কৰিব পাৰে। গতিকে এই কথাটো আদালতৰ ন্যায়িক প্ৰক্ৰিয়াত লিপিবদ্ধ কৰাৰ প্ৰয়োজন। সেয়েহে আমি আজি আদালতত আবেদন দাখিল কৰো আৰু আদালতে আমাৰ আবেদন গ্রহণ কৰে।’
এই সম্পর্কীয় পৰৱৰ্তী শুনানি অহা ১০ ছেপ্টেম্বৰত আদালতে গ্রহণ কৰিব বুলিও তেওঁ জনায়। অৱশ্যে ৰাহুলক ভাবুকি দিয়া বিজেপিৰ এই দুই সাংসদৰ নাম প্ৰকাশৰ পৰা অধিবক্তা পাৱাৰ বিৰত থাকে। উল্লেখ্য যে তিনি বছৰ পূৰ্বে ‘ভাৰত জোড়ো’ত অংশগ্ৰহণৰ সময়ত ৰাহুলে ছাভাৰকাৰৰ বিৰুদ্ধে কৰা মন্তব্যক লৈ তেওঁৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিছে নাছিকৰ দেৱেন্দ্ৰ ভূটাডা নামৰ এজন লোকে।






























