Bhupen Bora:
২০২৬ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ আঠটা মাহ থকা অৱস্থাত ৰাজ্যৰ প্ৰধান বিৰোধী দল
কংগ্ৰেছে সাংগাঠনিক তৎপৰতাৰ সমান্তৰালভাৱে ব্যাপক প্ৰচাৰাভিযানৰ বাবে সাজু হৈছে ৷
মঙলবাৰে মহানগৰীৰ দিছপুৰস্থ মানবেন্দ্র শর্মা কমপ্লেক্সত প্ৰদেশ কংগ্ৰেছৰ প্ৰচাৰ সমিতিৰ অধ্যক্ষ ভূপেন বৰাৰ পৌৰোহিত্যত অনুস্থিত হয় প্ৰচাৰ কমিটীৰ গুৰুত্বপূর্ণ বৈঠক ৷ বৈঠকত অংশগ্ৰহণ কৰে প্ৰচাৰ কমিটিৰ ৪২ গৰাকী সদস্যই ৷আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰক উফৰাবলৈ প্ৰচাৰ সমিতিৰ বৈঠকত কেতবোৰ ৰণকৌশল প্ৰস্তুত কৰে ৷ শাসনাধিষ্ঠ চৰকাৰৰ বিভিন্ন জনবিৰোধী কামকাজৰ বিৰুদ্ধে ৰাইজৰ মাজত ব্যাপক প্ৰচাৰ চলোৱাৰ কেতবোৰ কাৰ্যপন্থা গ্ৰহণ কৰা হয় প্ৰচাৰ সমিতিৰ বৈঠকত ৷






























