ট্রাম্প প্রশাসনে বাতিল কৰিলে ৬০০০ স্টুডেন্ট ভিছা, সর্বাধিক ক্ষতিগ্রস্ত ভাৰতীয় শিক্ষার্থী

images 36

Donald Trump:✒️আমেৰিকাৰ ডানাল্ড ট্রাম্প প্রশাসনে কঠোর পদক্ষেপ গ্রহণবে ৬০০০ ৰো অধিক স্টুডেন্ট ভিছা বাতিল কৰিলে। ভিছা বাতিল হোৱা শিক্ষার্থীৰ মাজত যথেষ্টসংখ্যক ভাৰতীয় আছে।

আমেৰিকাৰ বৈদেশিক মন্ত্রণালয়ে সদবী কৰা অনুসৰি, নির্ধাৰিত সময়তকৈ অধিক দিন আমেৰিকাত বসবাস কৰা, আইন অমান্য কৰা, সন্ত্রাসবাদক সমর্থন কৰাৰ দৰে গুৰুতৰ অভিযোগৰ আধাৰত এইসকল বিদেশী শিক্ষার্থীৰ ভিছা বাতিল কৰা হৈছে।

৪০০০ ৰো অধিক ভিছা মূলত ভিছা নিয়ম উলংঘন আৰু মার্কিন আইন উলংঘনৰ কাৰণত বাতিল কৰা হৈছে। আনহাতে, ২০০-৩০০ স্টুডেন্ট ভিছা বাতিল কৰাৰ কাৰণ হৈছে ভিছাধাৰকে সন্ত্রাসবাদক সমর্থন কৰাৰ অভিযোগ।

ভাৰতৰ পৰা প্ৰতি বছৰে সহস্রাধিক শিক্ষার্থী উচ্চ শিক্ষাৰ বাবে আমেৰিকাত ভিৰ কৰি আহিছে। ট্রাম্প প্রশাসনৰ এনে কঠোৰ ভিছা নীতিৰ ফলত সেয়েহে স্বাভাৱিকতে ভাৰতীয় শিক্ষার্থী সকলো সমস্যাৰ সম্মুখীন হৈছে।

Exit mobile version