মাতৃদুগ্ধ নৱজাতকৰ বাবে অমৃতসম। জীৱনৰ প্ৰথম মুহূৰ্তবোৰ অতিবাহিত কৰাৰ সময়ত মাকৰ বুকুৰ গাখীৰেই শিশুৰ সুষম আহাৰৰ সবাতোকৈ ডাঙৰ উৎস।
অথচ সম্প্রতি সেই স্তনদুগ্ধতেই পোৱা গৈছে এনে কিছু ধাতু, মানৱ শৰীৰৰ বাবে মাৰাত্মক ক্ষতিকাৰক। সম্প্রতি বিহাৰৰ পাটনাৰ মহাবীৰ কৰ্কট সংস্থান এণ্ড বিছাৰ্চ চেণ্টাৰৰ তৰফৰ পৰা স্তনদুগ্ধৰ ওপৰত এক গৱেষণা কৰা হয়। সেই গৱেষণাতেই দেখা গ’ল যে মাতৃদুগ্ধতে উচ্চমাত্রাত আছে চিচাৰ দৰে ক্ষতিকাৰক ধাতু।
বিহাৰৰ মুঠ ছখন জিলাত এই ঘটনা লক্ষ্য কৰা বুলি জনাইছে গৱেষকৰ দলে। সেই একেটা গৱেষকৰ দলে কিছুদিনৰ পূর্বে এক পৃথক পৰীক্ষাত জনাইছিল যে বিহাৰৰ কিছু স্থানৰ মহিলাৰ স্তনৰ গাখীৰত আৰ্চেনিকৰ দৰে ক্ষতিকাৰক ধাতু পোৱা গৈছিল।
গৱেষকসকলে জনাইছে যে মাতৃদুগ্ধৰ পৰা চিচা বা লেড নৱজাতকৰ শৰীৰলৈ গ’লে তাৰ প্রভাৱ মাৰাত্মক হ’ব পাৰে। নেতিবাচক প্ৰভাৱ পৰিব পাৰে শিশুৰ বুদ্ধিৰ বিকাশত, দেখা দিব পাৰে অন্যান্য ৰোগেও। জন্মৰ সময়ত ওজন কম থকা, মস্তিষ্ক, হাড় তথা পেশীৰ গঠনত সমস্যা হোৱাৰ দৰে একাধিক ৰোগেও শিশুক আক্রান্ত কৰিব পাৰে বুলি একাংশ বিশেষজ্ঞই মত প্রকাশ কৰিছে।
এই প্রসংগত গবেষক অভিনৱ শ্ৰীবাস্তৱে কয় যে বিহাৰৰ সমষ্টিপুৰ, দ্বাৰভাংগা, বেগুচৰাই, খাগাৰিয়া, মুংগেৰ আৰু নালন্দা জিলাৰ পৰা প্ৰাপ্ত নমুনা পৰীক্ষা কৰি জনা গৈছে যে প্রায় ৯২ শতাংশ মাতৃদুগ্ধতে আছে চিচা। ইয়াৰ ভিতৰত এটা নমুনাত সর্বোচ্চ ১৩০৯ মাইক্র’গ্রাম চিচা পোৱা গৈছে প্রতি লিটাৰ গাখীৰত।
আনহাতে, গৱেষকৰ দলৰ অন্যতম গুৰুত্বপূর্ণ সদস্য অশোক কুমাৰ ঘোষে জনাইছে যে প্রাথমিকভাবে তেওঁলোকে গংগানদীৰ তীৰৱৰ্তী অঞ্চলৰ ৩২৭ গৰাকী মহিলাৰ নমুনা সংগ্ৰহ কৰে। এইসকল মহিলাৰ সকলোৰে বয়স আছিল ১৭ৰ পৰা ৪০ বছৰৰ ভিতৰত। প্রাথমিকভাৱে নতুন মাতৃসকলৰ মাজত আৰ্চেনিকৰ পৰিমাণ পৰীক্ষা কৰি চোৱাই আছিল তেওঁলোকৰ উদ্দেশ্য; কিন্তু তেওঁলোকে ইয়াৰ সমান্তৰালকৈ লেড বা চিচা পৰীক্ষা কৰাৰো সিদ্ধান্ত লয়।
তেতিয়াই পোহৰলৈ আহে এই ভয়ংকৰ তথ্য। কেৱল গাখীৰেই নহয়, নতুন মাতৃসকলৰ তেজতো পোৱা গৈছে এই ধাতু। প্রায় ৮৭ শতাংশ মহিলাৰ দেহত এই ধাতুৰ পৰিমাণ গ্রহণযোগ্য মাত্রাতকৈ বহু বেছি।
কিয় ঘটিছে এই ঘটনা? বিজ্ঞানীসকলে জনাইছে যে ইয়াৰ উত্তৰ বিচাৰিবলৈ এতিয়াও আৰু গৱেষণাৰ প্ৰয়োজন আছে। অৱশ্যে প্রাথমিকভাৱে ক’ব পাৰি সম্ভৱতঃ সেইবোৰ অঞ্চলৰ মাটিতেই এই ধাতুবোৰৰ পৰিমাণ বেছি, ফলত ভূগৰ্ভৰ পানীত মিহলি হৈছে বিষাক্ত ধাতু। সমান্তৰালকৈ সেই অঞ্চলত খেতি কৰা পাচলিত যি কীটনাশক ব্যৱহাৰ কৰা হয়, তাৰ পৰা খাদ্যৰ মাধ্যমেৰেও চিচা শৰীৰত প্ৰৱেশ কৰিব পাৰে।
তদুপৰি কিছু আয়ুর্বেদিক ঔষধ, ৰং মিহলোৱা হালধি, প্রসাধন সামগ্রী আদিৰ পৰাও দেহত এইবোৰ ক্ষতিকাৰক ধাতুৱে প্ৰৱেশ কৰিব পাৰে বুলি সতৰ্ক কৰিছে গৱেষকসকলে।






























