Delhi:✒️দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ বাসগৃহত আক্ৰমণৰ অভিযোগ। ঘটনাটোৰ অভিযুক্তক ইতিমধ্যেই চিনাক্ত কৰা হৈছে। ব্যক্তিজনৰ নাম ৰাজেশ সক্ৰিয়া (৪১)। তেওঁ গুজৰাটৰ ৰাজকোটৰ বাসিন্দা।
ৰাজেশৰ মাতৃ ভানুৰ দাবী যে তেওঁৰ পুত্ৰই কুকুৰ ভাল পায়। উচ্চতম ন্যায়ালয়ে পথৰ কুকুৰৰ ওপৰত দিয়া নিৰ্দেশক লৈ বিগত কিছুদিন ধৰি পুত্ৰৰ মন বেয়া আছিল। ইয়াৰ মাজতে তেওঁ এজন আত্মীয়ক গ্ৰেপ্তাৰ কৰাত সহায় বিচাৰি দিল্লীৰ মুখ্যমন্ত্ৰীৰ ওচৰলৈ গৈছিল।
বুধবাৰে পুৱা দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ বাসগৃহত ৰাজহুৱা শুনানি চলি আছিল। সপ্তাহত এবাৰ এই ৰাজহুৱা শুনানি অনুষ্ঠিত হয়। ৰেখাই সাধাৰণ মানুহৰ অভাৱ-অভিযোগ শুনি আছিল।
ৰাজেশো তাত উপস্থিত আছিল। নিজৰ সমস্যাৰ কথা পাতি থাকোঁতে ৰাজেশৰ হঠাৎ খং উঠিল। তেওঁ মুখ্যমন্ত্ৰীৰ হাতখন টানি দিয়ে। এই সময়তে মুখ্যমন্ত্ৰী আঘাতপ্ৰাপ্ত হয়।
সূত্ৰ অনুসৰি ৰাজেশৰ এজন আত্মীয় জেলত আছে। গোচৰটো আদালতত বিচাৰাধীন হৈ আছে। মুক্তিৰ বাবে আবেদন দাখিল কৰিবলৈ দিল্লীলৈ আহিছিল ৰাজেশ। তেওঁ মুখ্যমন্ত্ৰীৰ সহায় বিচাৰিছিল।
এজন প্ৰত্যক্ষদৰ্শীয়ে দাবী কৰে যে ৰাজেশে মুখ্যমন্ত্ৰীক কিছু কাগজ দেখুৱাব বিচাৰিছিল। সেই কথা-বতৰাৰ মাজতে হঠাৎ খং উঠি মুখ্যমন্ত্রীক আক্রমণ কৰে৷ ততাতৈয়াকৈ মুখ্যমন্ত্রীৰ নিৰাপত্তাৰক্ষীয়ে তেওঁক ধৰে৷ সম্প্ৰতি দিল্লী আৰক্ষীয়ে তেওঁক জেৰা অব্যাহত ৰাখিছে।
কিন্তু প্ৰশ্ন উত্থাপন হয় যে এজন মুখ্যমন্ত্ৰীয়ে যি নিৰাপত্তা দিব লাগে, সেই নিৰাপত্তা প্ৰদান কৰাত দিল্লী আৰক্ষীয়ে ব্যৰ্থ হ’ল নেকি? সেইবাবেই হ’ল নেকি ইমান ডাঙৰ ঘটনা? এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে দিল্লী আৰক্ষী আয়ুক্ত শশী ভূষণ কুমাৰ সিঙে।






























