china:✒️ভাৰত-চীনৰ সম্পৰ্কত বৰফ গলিবলৈ আৰম্ভ কৰিছে। দুয়োখন দেশৰ মাজত পুনৰ আৰম্ভ হ’বলৈ ওলাইছে বিমান পৰিবহণ। ইয়াৰ সমান্তৰালকৈ লিপুলেখৰ জৰিয়তে ভাৰত আৰু চীনৰ মাজত বাণিজ্য পুনৰ আৰম্ভ হ’বলৈ ওলাইছে।
ইয়াৰ বিৰোধিতা কৰিছে নেপালে। তাৰ পাছত নেপালৰ এই মন্তব্যক গৰিহণা দিছে ভাৰতে।
নেপালৰ মন্তব্য সম্পূৰ্ণ অগ্ৰাহ্যযোগ্য বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে।
লিপুলেখ পাছৰ জৰিয়তে ভাৰত-চীনৰ বাণিজ্য পুনৰ আৰম্ভ কৰাৰ সন্দৰ্ভত নেপালৰ মন্তব্যৰ বিৰোধিতা কৰিছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে।
প্ৰসংগক্ৰমে কাঠমাণ্ডুয়ে এক বিবৃতিত দাবী কৰিছিল যে কালাপানী অঞ্চল নামেৰে পৰিচিত লিপুলেখ পাছৰ দক্ষিণ দিশটো নেপালৰ।
ইয়াৰ লগতে নেপাল চৰকাৰে নতুন দিল্লীক এই অঞ্চলৰ মাজেৰে বাণিজ্যকে ধৰি কোনো ধৰণৰ কাম-কাজ চলোৱাৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনায়।
পাছত বুধবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিত নেপালৰ এই মন্তব্যক গৰিহণা দিয়ে। ভাৰতে কয় যে নেপালৰ এই দাবী ন্যায্য নহয় আৰু ঐতিহাসিক তথ্য আৰু প্ৰমাণৰ ওপৰত ভিত্তি কৰি কৰা হোৱা নাই।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জানিবলৈ দিয়া মতে, ১৯৫৪ চনৰ পৰা ভাৰত আৰু চীনৰ মাজত লিপুলেখ পাছৰ যোগেদি বাণিজ্য চলি আহিছে।কিন্তু Covid সময়ৰ পৰাই সেই পথেৰে বাণিজ্য বন্ধ হৈ আছে।
অৱশ্যে নতুন দিল্লীয়ে কয় যে নেপালৰ স’তে গঠনমূলক আলোচনাৰ বাবে ভাৰত সদায় সাজু। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়েও কয় যে ভাৰত-নেপাল সীমান্ত সন্দৰ্ভত যদি কিবা সমস্যা থাকে তেন্তে আলোচনা আৰু কূটনীতিৰ জৰিয়তে সমাধান কৰা হ’ব।






























