Russia:✒️আমেৰিকাই আৰোপ কৰা ৫০ শতাংশ শুল্কৰ পাছটো ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় অব্যাহত ৰাখিছে। ইফালে ৰাছিয়াই ভাৰতীয় ক্ৰেতাৰ স’তে হোৱা আলোচনাৰ ভিত্তিত মস্কোৱে পাঁচ শতাংশ ৰেহাইত তেল বিক্ৰী কৰিব বুলি ঘোষণা কৰিছে।
বুধবাৰে ভাৰতত নিযুক্তি ৰাছিয়াৰ উপ বাণিজ্য প্ৰতিনিধি য়েভগেনি গ্ৰীভাই কয়, “ভাৰতক খাৰুৱা তেলৰ মূল্যত পাঁচ শতাংশ ৰেহাই দিয়া হ’ব। কিন্তু সেয়া আলোচনাৰ ভিত্তিত কৰা হৈছে।” তেওঁ লগতে কয় যে আন্তঃৰাষ্ট্ৰীয় হেঁচা থকাৰ পাছতো ভাৰতে ৰাছিয়াৰ পৰা একে পৰিমাণৰ তেল ক্ৰয় কৰি আছে।
আজিৰ দিনটোত য়েভগেনী গ্ৰীভাৰৰ স’তে ৰাছিয়াৰ মিছনৰ উপ-মুখ্য ৰোমান বাবুছকিনেও উপস্থিত থাকে। তেওঁ দুয়োখন দেশৰ সম্পৰ্ক সুদৃঢ় কৰাৰ বাৰ্তা প্ৰেৰণ কৰে।
বাবুছকিনে কয় যে, “ভাৰতৰ বাবে পৰিস্থিতি যথেষ্ট প্ৰত্যাহ্বানজনক। অৱশ্যে দুয়োখন দেশৰ সম্পৰ্কৰ ওপৰত আমাৰ আস্থা আছে।যিমানেই হেঁচা নহওক কিয়, সহযোগিতা অব্যাহত থাকিব।’
ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰি ইউক্ৰেইনত ৰাছিয়াৰ যুদ্ধৰ বাবে ধন আগবঢ়োৱাৰ অভিযোগ উত্থাপন কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।
সেইবাবেই তেওঁ ভাৰতীয় সামগ্ৰীৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰিছে।
হোয়াইট হাউছৰ প্ৰেছ সচিব কেৰ’লিনা লেভিটেও উচ্চস্বৰে এই বক্তব্য আগবঢ়ায়। তেওঁ কয়,’ৰাছিয়াক আলোচনাৰ টেবুললৈ অনাৰ বাবে ৰাষ্ট্ৰপতিয়ে হেঁচা প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিছে। সেইবাবেই ভাৰতকে ধৰি মস্কোৰ মিত্ৰ দেশসমূহৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰা হৈছে।
অৱশ্যে ভাৰতে ট্ৰাম্পৰ এই সিদ্ধান্তক ‘অন্যায়, অযুক্তিকৰ আৰু অগ্ৰাহ্য’ বুলি তীব্ৰ সমালোচনা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্পষ্ট কৰি দিছে যে নতুন দিল্লীয়ে কৃষকৰ স্বাৰ্থ ৰক্ষাৰ বিষয়ত আপোচ নকৰে।






























