China:✒️চীনত নিৰ্মাণ কাৰ্য্যৰ সময়ত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। চকুৰ পলকতে ভাঙি পৰিল এখন দলং। মৰ্মান্তিক এই দুৰ্ঘটনাটোত সাতজন লোকৰ মৃত্যু হোৱাৰ লগতে ন জন সন্ধানহীন।
প্ৰাপ্ত তথ্য অনুসৰি, আজি মাজনিশা প্ৰায় তিনি মান বজাত চীনৰ কিংহাই প্ৰদেশত সংঘটিত হয় এই দুৰ্ঘটনা।
হঠাতে ভাঙি পৰে ইয়োলো নদীৰ ওপৰত নিৰ্মাণৰত দলং। প্ৰাপ্ত তথ্য অনুসৰি এই দলংখন চীনৰ কিংহাই প্ৰদেশৰ হাইডং আৰু হুয়াংনান তিব্বতী স্বায়ত্তশাসিত প্ৰিফেকচাৰৰ জিয়ানজা কাউন্টিৰ সীমান্তত অৱস্থিত।
এই দলংখনে চীনৰ কিংহাই প্ৰদেশক হালধীয়া নদীৰ স’তে সংযোগ কৰিছে। শুকুৰবাৰেও সচৰাচৰৰ দৰে দলংখনৰ নিৰ্মাণকাৰ্য চলি আছিল।সেই সময়তে হঠাতে সংঘটিত হয় মৰ্মান্তিক ঘটনা।
নাইট ভিজন ভিডিঅ’টোত দেখা গৈছে যে দলঙৰ এটা অংশ এফালে লোহাৰ তাঁৰ ছিঙি যোৱাৰ ফলত হঠাতে ভাঙি পৰে।
এই মৰ্মান্তিক দুৰ্ঘটনাৰ পিছতে চীন প্ৰশাসনে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে।নদীত পৰি যোৱা শ্ৰমিকক বিচাৰি ঘটনাস্থলীলৈ টাস্ক ফ’ৰ্চ প্ৰেৰণ কৰা হৈছে।
তদুপৰি উদ্ধাৰ অভিযান চলাই সামগ্ৰিক পৰিস্থিতিৰ বুজ লোৱাৰ বাবে বৃহৎ সংখ্যক উদ্ধাৰকাৰী দল ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হৈছে।
তদুপৰি দুৰ্ঘটনাটো কেনেদৰে সংঘটিত হ’ল তাৰ তদন্ত অব্যাহত আছে।






























