দিল্লী আৰু ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল (এনচিআৰ)ৰ পৰা অঘৰী কুকুৰ আঁতৰোৱাৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশ সংশোধন কৰিছে।
শুকুৰবাৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বিক্ৰম নাথ, সন্দীপ মেহতা আৰু এন ভি অঞ্জৰিয়াৰ বিচাৰপীঠে কয় যে বন্ধ্যাকৰণ আৰু টিকাকৰণৰ পাছত বিপথগামী কুকুৰক য’ৰ পৰা লৈ যোৱা হৈছিল সেই অঞ্চলত এৰি দিয়া হ’ব।
অৱশ্যে এই গোচৰত উচ্চতম ন্যায়ালয়ে চৰ্ত বান্ধিছে। আদালতে কয় যে উন্মাদ বা আক্ৰমণাত্মক প্ৰকৃতিৰ সকলো কুকুৰকে নিৰ্দিষ্ট আশ্ৰয় শিবিৰত ৰাখিব লাগিব।
অৱশ্যে ৰাজহুৱা স্থানত পথৰ কুকুৰক খুৱাই দিয়াৰ অনুমতি দিয়া নাই। উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছে যে সংশ্লিষ্ট পৌৰসভাসমূহে পথৰ কুকুৰক খুৱাই দিয়াৰ বাবে নিৰ্দিষ্ট স্থান তৈয়াৰ কৰিব লাগিব।
এজন চৰকাৰী বিষয়াই জনাইছে, ২০২৩ চনৰ পশু জন্ম নিয়ন্ত্ৰণ আইন অনুসৰি বিপথগামী কুকুৰক নিৰ্দিষ্ট ঠাইৰ পৰা তুলি লৈ বীজাণুমুক্ত কৰি টিকাকৰণ কৰি তাৰ পাছত যি ঠাইৰ পৰা তুলি লোৱা হৈছিল সেই ঠাইলৈ ঘূৰাই দিব লাগে।
ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু ন্যায়াধীশ আৰ মহাদেৱনে পথৰ কুকুৰ সন্দৰ্ভত ১১ আগষ্টত দিয়া নিৰ্দেশক লৈ সমগ্ৰ দেশতে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল।
সেই আদেশত কোৱা হৈছিল যে দিল্লী আৰু ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ পৰা অহা বিপথগামী কুকুৰক নিৰ্দিষ্ট আশ্ৰয় শিবিৰলৈ স্থানান্তৰিত কৰিব লাগে।
তাতেই বীজাণুমুক্ত কৰি টিকাকৰণ কৰিব লাগিব। ইয়াৰ পাছত তেওঁলোকক সেই আশ্ৰয় শিবিৰতে ৰাখিব লাগে। সমগ্ৰ দেশৰ পশুপ্ৰেমীসকলে সেই নিৰ্দেশক লৈ সৰৱ হৈ পৰিছিল।
পশুপ্ৰেমী তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মানেকা গান্ধীয়েও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ হস্তক্ষেপৰ দাবী জনায়। ইয়াৰ পিছতে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাইয়ে বিষয়টোৰ শুনানিৰ বাবে তিনিজনীয়া নতুন বিচাৰপীঠ গঠন কৰে।আৰু সেই বেঞ্চখনেই এই নতুন আদেশ প্ৰদান কৰে।






























