SC stays eviction of Uriamghat:
গোলাঘাট জিলাৰ সৰুপথাৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত উৰিয়ামঘাটৰ উচ্ছেদত স্থগিতাদেশ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ৷ উৰিয়ামঘাটৰ উচ্ছেদক লৈ ন্যায়ালয়ত ৰজু হোৱা ৰীট আবেদনৰ শুনানী গ্ৰহণ কৰি আদালতে উৰিয়ামঘাট আৰু ইয়াৰ চৌপাশৰ গাঁৱত উচ্ছেদত স্থগিতাদেশ জাৰি কৰে ৷
উল্লেখ্য যে,উৰিয়ামঘাটত জিলা প্ৰশাসনে ইতিমধ্যে কে’বালানি উচ্ছেদ অভিযান চলাই ইতিমধ্যে কৰিছে কে’বাশ ভূমি বেদখলমুক্ত ৷ পুনৰ উচ্ছেদৰ বাবে সাজু আছিল প্ৰশাসন ৷
মনকৰিবলগীয়া যে, ইয়াৰ পূবে গুৱাহাটী উচ্চ ন্যায়ালয়ে উৰিয়ামঘাট আৰু ইয়াৰ আশে-পাশে থকা গাঁৱসমূহত চলি থকা উচ্ছেদ অভিযানক ১৪ আগষ্টলৈকে স্থগিত ৰাখিছিল। এই স্থগিতাদেশৰ ফলত সাময়িক সকাহ লাভ কৰিছিল প্ৰায় ২০০ পৰিয়ালে ৷ একেদৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে নেঘেৰীবিল-উৰিয়ামঘাটৰ ৭৪ টা পৰিয়ালক ৭ আগষ্টলৈ উচ্ছেদ কৰিব নোৱাৰিব বুলিও সাময়িক সকাহ প্রদান কৰিছিল যদিও সাত আগষ্টৰ পিছত প্ৰশাসনে চলাইছিল উচ্ছেদ ৷
আনহাতে শেহতীয়াকৈ আজি উৰিয়ামঘাটৰ উচ্ছেদ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰাত অসম চৰকাৰে পৰৱৰ্তী সময়ত কি পদক্ষেপ গ্ৰহণ কৰিব সেয়া হ’ব লক্ষণীয়।






























