Uriamghat Eviction:
নামনিৰ পিছত উজনি অসমত আৰম্ভ হ’ল বৃহৎ উচ্ছেদ অভিযান ৷ অসম-নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলত আজি পুৱাৰে পৰা ১১ হাজাৰ বিঘা ভূমিত ছয় আৰক্ষী-অৰ্ধ সামৰিক বাহিনীৰ উপস্থিতিত ১০০খন বুলড’জাৰেৰে ইটোৰ পিছত সিটোকৈ বাসগৃহ এফালৰ ভাঙি যায় ৷
ADVERTISEMENT
উল্লেখ্য যে, নগাঁও,মৰিগাঁৱৰ পৰা আহি অবৈধভাৱে ৰেংমা বনাঞ্চল ধ্বংস কৰি শশ মাটিত গঢ়ি তুলিছিল তামোলৰ বাগিছা আৰু বাসগৃহ ৷ যাৰবাবে অবৈধভাৱে বসতি কৰা ১০,৯৫৮ বিঘা ভূমিত উচ্ছেদ কৰাৰ উদ্দেশ্যৰে মঙলবাৰে পুৱাৰে গোলাঘাট জিলা প্ৰশাসনে যুদ্ধংদেহি ৰূপত আৰম্ভ কৰে বৃহৎ উচ্ছেদ অভিযান ৷ উচ্ছেদ হ’ব দুহেজাৰৰো অধিক পৰিয়াল ৷






























