China:✒️তিব্বতত ব্ৰহ্মপুত্ৰৰ ওপৰত বিশ্বৰ বৃহত্তম বান্ধ নিৰ্মাণ কৰিছে চীনে। এই বান্ধৰ বাবে খৰাঙৰ দিনবোৰত ব্ৰহ্মপুত্ৰৰ পানী ৮৫ শতাংশ হ্রাস পাব পাৰে বুলি ভাৰত চৰকাৰে আশংকা প্রকাশ কৰিছে। দীর্ঘদিন ধৰি এই বান্ধক লৈ দিল্লীয়ে উদ্বেগ প্রকাশ কৰি আহিছে। ইয়াৰ মাজতে বিষয়টোক লৈ এটি সংবাদ প্রতিষ্ঠানে কেন্দ্ৰৰ এটা বিশ্লেষণ পৰীক্ষা-নিৰীক্ষা কৰি এই পৰিসংখ্যা প্রকাশ কৰে।
বিগত ডিচেম্বৰত চীনে তিব্বতত ব্রহ্মপুত্ৰৰ ওপৰত বৃহত্তম বান্ধ নিৰ্মাণৰ কথা ঘোষণা কৰে। এই ঘোষণা অনুসৰি, এই বান্ধ হ’ব বিশ্বৰে বৃহত্তম জলবিদ্যুৎ প্রকল্প। ইয়ালুং চাংপ’ (চীনত ব্রহ্মপুত্র নৈ এই নামেৰে পৰিচিত) যি স্থানত পাক লৈ ভাৰতত প্ৰৱেশ কৰিছে, সেই স্থানতে নিৰ্মাণ কৰা হ’ব বান্ধটো। ইয়াৰ লগে লগে শংকা ঘনীভূত হয় যে অৰুণাচল প্ৰদেশৰ ভূমি দাবী কৰা চীনৰ বাবে ই আন এক কৌশলী ৰণনীতি হ’ব পাৰে।
চীনে এই বান্ধ নিৰ্মাণ কৰি নৈৰ পানী নিয়ন্ত্ৰণৰে ইয়াক অস্ত্রৰূপে ব্যৱহাৰ কৰিব পাৰে। তিব্বতৰ আংছি হিমবাহৰ পৰা বৈ অহা জলধাৰাৰে উৎপত্তি হোৱা নদীখনক অসমত ব্রহ্মপুত্র আৰু অৰুণাচল প্রদেশত ছিয়াং বুলি কোৱা হয়।
চীনৰ বান্ধে কঢ়িয়াইছে বিপদ
আশংকা অনুসৰি, এই বান্ধ নির্মাণৰ ফলত কেৱল ভাৰতৰে নহয়, চুবুৰীয়া বাংলাদেশবো কৃষিকার্য আক জলনির্ভৰ শিল্পোৎপাদন ব্যাহত হ’ব পাৰে। তদুপৰি অতি মাত্রাত বৰষুণ হ’লে নিম্ন অববাহিকাৰ অঞ্চলসমূহত অতিৰিক্ত পানী চীনে এবি দিয়াৰ ফলত ব্রহ্মপুত্রৰ নৈপৰীয়া অৰুণাচল প্রদেশ আৰু অসমৰ একাংশ অঞ্চল জলমগ্ন হ’ব পাবে। এই সম্ভাব্য পৰিস্থিতিত প্রত্যুত্তৰ দিবলৈ ভাবতেও কঁকালত টঙালি বান্ধিছে।
আন্তঃৰাষ্ট্ৰীয় সংবাদ প্রতিষ্ঠানত প্রকাশিত বাতৰি অনুসৰি, ভাৰতেও চীনক প্রত্যুত্তৰ দিবলৈ অৰুণাচল প্রদেশক লক্ষ্য কৰি লৈছে। এই মর্মে অৰুণাচলত ব্রহ্মপুত্রৰ ওপৰত বান্ধ নির্মাণ কৰিবলৈ সাজু হৈছে নতুন দিল্লী।
অর্থাৎ এইবাৰ ভাৰত-চীনৰ মাজত হ’ব বান্ধব যুঁজ। দৰাচলতে ভাৰত চৰকাৰে ২০০০ৰ পৰাই তিব্বতৰ আংছি হিমবাহন পৰা বৈ অহা জলধাবাক নিয়ন্ত্রণ কৰিবলৈ প্ৰকল্পৰ বিষয়ে বিবেচনা কৰি আহিছে। চীন-ভাৰত আৰু বাংলাদেশ এই তিনিখন ৰাষ্ট্ৰৰ জনসাধাৰণৰ জীবন নির্ভৰ কবে এই পানীৰ ওপৰতে।
অৱশ্যে অৰুণাচল প্রদেশৰ সীমান্ত অঞ্চলৰ বাসিন্দাৰ তীব্র প্রতিবাদৰ বাবে এই পৰিকল্পনা বাস্তবায়িত করাব পথত প্রতিবন্ধকতাৰ সৃষ্টি হৈছে। স্থানীয় লোকসকলে আশংকা প্রকাশ কৰে যে যিকোনো বান্ধ নির্মাণে তেওঁলোকৰ গাঁওবোৰ নিশ্ছিন্ন কৰিব আৰু জীৱনশৈলীও ধ্বংস কৰিব।
ভাৰতত বান্ধ নিৰ্মাণৰ প্ৰস্তুতি
উল্লেখ্য যে যোরা ডিচেম্বৰত চীনে বান্ধ নির্মাণৰ বিষয়ে ঘোষণা কৰে। আনহাতে, ভাবতব প্রস্তারিত বান্ধ নির্মাণ কৰা হ’লে সেইটো হ’ব দেশৰ বৃহত্তম বান্ধ। এই বান্ধ নির্মাণৰ বিষয়টোক গতি দিবলৈ যোৱা জুলাইত প্রধানমন্ত্রী নবেন্দ্র মোদীর কার্যালয়ত এখন বৈঠক সম্পন্ন কৰা হৈছে বুলিও সুত্রত প্রকাশ। ভাৰতৰ হিচাপ-নিকাচ অনুসৰি তিব্বতব বান্ধৰ বাবে কমেও চাৰি হেজাৰ কোটি কিউবিক মিটাৰ পানীৰ প্রবাহ সলাই দিব পাবে চীনে।
এই বৃহৎ পৰিমাণৰ পানীৰ গতিপথ সলনি হ’লে খৰাং বতৰত পর্যাপ্ত পানী ভাৰতত প্রৱেশ নকৰিব। সেয়েহে ১৪শ কোটি কিউবিক মিটাৰ জলধাৰণ কৰিব পৰা বান্ধ নির্মাণ কৰিব বিচাৰিছে ভাৰতে। এনে হ’লে খৰালিকালত এই বান্ধৰ পৰা পানী সৰবৰাহ কৰি বহু পৰিমাণে ঘাটি পুৰণ কৰিব পৰা যাব বুলি ভাৰত চৰকাৰে দাবী কৰে। এনে সূত্রত প্রকাশ যে অৰুণাচল প্রদেশত বান্ধ নির্মাণ নহ’লে খৰাং বতৰত গুৱাহাটীতে ব্রহ্মপুত্ৰলৈ পানীৰ প্রবাহ ২৫ শতাংশ হ্রাস পাব।
ভাৰতে যদি বান্ধ নির্মাণ কৰে তেন্তে গুৱাহাটীত বর্তমানৰ তুলনাত পানীৰ প্রবাহ হ্ৰাসৰ পৰিমাণ হ’ব ১১ শতাংশ। তথ্য অনুসৰি, ভাৰতে নির্মাণ কৰিবলগীয়া বান্ধৰ যি উচ্চতা হ’ব তাৰ দ্বাৰা বাৰিষা কালত অতিৰিক্ত পানীও আবদ্ধ কৰিব পৰা যাব।
ভাৰতৰ প্ৰস্তাৱিত বান্ধক লৈ অৰুণাচলৰ স্থানীয় বাসিন্দাৰ শংকা
এক প্রতিবেদন অনুসৰি, বিগত মে’ত অৰুণাচল প্রদেশত বান্ধৰ বাবে প্রস্তাৱিত অঞ্চলত আৰক্ষীৰ কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ মাজবে এটা পর্যায়ন সমীক্ষাৰ কাম সম্পন্ন কৰা হয়। দেশৰ বৃহত্তম জলবিদ্যুৎ উৎপাদন সংস্থা ‘নেচনেল হাইড্র ইলেকট্রিক পাবাব কর্ণ’বেচন’ অর্থাৎ এনএইছপিচিব বিষয়ববীয়াই এই সমীক্ষা চলায়। এই সময়ত স্থানীয় বাইজন বিক্ষোভ-প্রতিবাদৰ সম্মুখীন হয় এনএইছপিচিব বাহিনী। এই অঞ্চলত বান্ধ নির্মাণ হ’লে কমেও ১৬খন গাঁও পানীৰ তলত ডুব যাব বুলি আশংকা কৰা হৈছে। ইয়াৰ ফলত প্রত্যক্ষ অথবা পরোক্ষভারে কমেও এক লাখ মানুহ ক্ষতিৰ সম্মুখীন হ’ব পাৰে।
সেয়েহে বান্ধ নির্মাণ কৰিলে পুনৰ সংস্থাপন পেকেজৰ বিষয়েও চিন্তা-চর্চা কৰিছে নতুন দিল্লীয়ে। অৰুণাচলৰ মুখ্যমন্ত্রী পেমা খাগুরেও বাদ্ধ নির্মাণৰ পক্ষত থিয় দিছে। ইপিনে, চীনৰ দাবী অনুসৰি, বান্ধৰ বাবে নামনি অঞ্চলত পানীৰ প্রবাহৰ কোনো পৰিবর্তন নহয়।
চীনে সলনি কৰিব বৃহৎ পৰিমাণৰ পানীৰ গতিবেগ
উল্লেখ্য যে বেইজিতে এই পর্যন্ত বান্ধব নির্মাণক লৈ কোনো বিতং পৰিকল্পনা প্রকাশ কৰা নাই। ভাবত চৰকাৰৰ স্বীকৃতিপ্রাপ্ত সংস্থা যেনে কেন্দ্রীয় জল আয়োগ আদিয়ে পূর্বতে কৰা বিশ্লেষণ অনুসবি, যোরা জুলাইব পৰা কাম আৰম্ভ হোৱা চীনৰ প্রকল্পৰ ব্যয় হ’ব কমেও ১৭০ বিলিয়ন ডলাৰ। দিল্লীৰ পৰিসংখ্যা অনুসৰি, চীনব এই বান্ধব ফলত বেইজিঙে কমেও চাৰি হেজাৰ কোটি কিউবিক মিটাৰ পানীৰ গতিপথ সলনি কৰিব অর্থাৎ সীমান্তব গুরুত্বপূর্ণ স্থানত বছৰি ভাৰতলৈ বৈ অহা পানীৰ এক তৃতীয়াংশৰ গতিপথ সলনি কৰি পেলাব। খৰালি কালত তীব্র সংকটৰ সম্মুখীন হ’ব ভাৰত।
বিশেষকৈ খৰাঙৰ দিনবোৰত যথেষ্ট ক্ষতিকাৰক পৰিস্থিতিৰ সম্মুখীন হ’ব। ব্রহ্মপুত্রৰ পানীৰ ওপৰত নিৰ্ভৰশীল গুৱাহাটীত সেয়েহে ভাবতে যদি বান্ধ নির্মাণ কৰে তেন্তে পানীৰ প্রৱাহৰ পৰিমাণ ১১ শতাংশ হ্রাস পাব আৰু ভাৰতে বান্ধ নির্মাণ নকৰিলে ২৫ শতাংশ হ্রাস পাব গুৱাহাটীয়ে লাভ কৰা ব্রহ্মপুত্র নৈৰ পানীৰ পৰিমাণ। বান্ধৰ পক্ষত থিয় দিয়া সংশ্লিষ্ট পঞ্চই এনে দাবী কৰিছে।
ইপিনে, সুত্রত প্রকাশ যে ভাৰতৰ প্রকল্পই নামনি অংশত বেইজিঙে এনি দিবলগীয়া বিধ্বংসী পৰিমাণৰ পানীৰ বিপর্যয় বোধ কৰিব পাৰিব। দাবী অনুসবি ভাবতে নির্মাণ কৰিবলগীয়া বান্ধত যিকোনো সময়তে ৩০ শতাংশ খালী ৰখাৰ বিষয়ে চিন্তা-চর্চা কৰা হৈছে যাতে যিকোনো অভাবনীয় পৰিস্থিতিৰ সম্মুখীন হ’লে তাক প্রতিৰোধ কৰিব পৰা যায়। আনকি চীনৰ বান্ধৰ আন্তঃগাঁথনি ভাঙি গ’লেও বৈ আহিব পৰা অতিবিজ পানী ভাৰতৰ বান্ধে যাতে ধাৰণ কৰিব পাৰে তাৰ বাবেও বিবেচনা কৰা হৈছে।
কোনো হানি-বিঘিনি নঘটে: চীনৰ বৈদেশিক মন্ত্রণালয়ৰ মুখপাত্র
চীনৰ বৈদেশিক মন্ত্রণালয়ৰ মুখপাত্রই এক আন্তঃৰাষ্ট্ৰীয় সংবাদ প্রতিষ্ঠানক কয় যে জলবিদ্যুৎ প্রকল্পসমূহৰ ক্ষেত্ৰত সুৰক্ষা আৰু পৰিবেশগত বিষয়ক লৈ অতি গভীৰ বিজ্ঞানসম্মত গৱেষণা কৰা হৈছে আৰু হায়ৰ ফলত নামনি অঞ্চলৰ ৰাষ্ট্ৰসমূহৰ পানীৰ উৎস, প্রাকৃতিক ভারসাম্য বক্ষা অথবা ভূতত্ত্বগত কোনো তাৰতম্য অথবা হানি-বিধিনি নঘটে। চীনে এই দাবী কৰিলেও স্বাভাৱিকতে পতিয়ন যোৱা নাই ভাৰত। মুখপাত্রজনে কয় যে দুই বাষ্ট্রব সীমান্তত থকা নৈসমূহৰ উন্নয়ন আৰু ইয়াৰ পানী ব্যৱহাৰৰ ক্ষেত্ৰত চীনে সদায় এক দায়িত্বশীল মনোভাব পোষণ কৰি আহিছে। নামনি অঞ্চলৰ ৰাষ্ট্ৰসমূহ যেনে ভাৰত আৰু বাংলাদেশৰ স’তে এই ক্ষেত্রত দীর্ঘদিনীয়া সমন্বয় আৰু যোগসুত্র বক্ষা কবি অহা বুলিও চীনব মুখপাত্রজনে দাবী কবে। অবশ্যে এই পর্যন্ত ভাৰতৰ সংশ্লিষ্ট মন্ত্রণালয়ে কোনো তথ্য ৰাজহুৱা কৰা নাই। মনকৰিবলগীয়া যে যোৱা ১৮ আগষ্টত ভাৰতৰ বৈদেশিক মন্ত্রী এছ জয়শংকবে চীনত নির্মীয়মাণ বৃহৎ বান্ধক লৈ বাষ্ট্রখনৰ বৈদেশিক মন্ত্রীক মুখামুখিকৈ উদ্বেগ প্রকাশ কৰে। ইতিমধ্যে এই কথা ভাৰতৰ বৈদেশিক মন্ত্রণালয়ে বাজহুৱা কৰিছে।
তীব্র প্রতিৰোধৰ সম্মুখীন এনএইছপিচিৰ বাহিনী
এনএইছপিচিৰ বিষয়া-কর্মীয়ে যোৱা মে’ত অৰুণাচল প্রদেশৰ পাৰস্তুত জৰীপৰ বাবে স্থানীয় গাঁৱৰ সমীপলৈ যন্ত্রপাতি লৈ যোৱাত স্থানীয় বাইজে এইসমুহ সা-সঁজুলি ভাঙি-ছিহি ক্ষতিসাধন কবে। মাত্র এয়ে নহয়, সমীপবর্তী এখন দলঙৰ ক্ষতিসাধন কৰাৰ লগতে এই অভিযানত সুৰক্ষা দিবলৈ প্রেৰণ কৰা আৰক্ষী বাহিনীৰ শিবিৰো লুটপাট কবে। এইসকলৰ অধিকাংশই অৰুণাচলৰ আদি সম্প্রদায়ৰ লোক।
পূব ছিয়াং জিলাৰ বাসিন্দা এইসকল লোকৰ জীৱন যাপন কৃষিনির্ভণ। মূলতঃ বান খেতি, কমলা খেতি আদিবে জীবন নির্বাহ কবে এইসকল গাঁওবাসীয়ে। এনএইছপিচিক বাধা প্রদানৰ বাবে গাঁওবাসীয়ে আনকি অস্থায়ী নিৰীক্ষণ চকীও নির্মাণ কৰে। তথ্য অনুসৰি, কমেও ১৬খন আদি গাঁরে বান্ধৰ জলভাণ্ডাৰ নির্মাণৰ ফলত ইয়ান অস্তিত্ব সম্পূর্ণরূপে হেৰুৱাব। যাৰ বাবে ১০ হেজাৰ স্থানীয় জনগোষ্ঠীয় লোকৰ জীবন ক্ষতিগ্রস্ত হ’ব। এই সম্প্রদায়ৰ নেতৃত্বৰ মতে, কমেও এক লাখ লোক বান্ধ নির্মাণৰ ফলত বৃহৎ ক্ষতিৰ সম্মুখীন হ’ব। তেওঁলোকে কয় যে জীবন দি হ’লেও বান্ধ নির্মাণৰ বিৰুদ্ধে যুঁজিব।
স্থানীয় আদি জনগোষ্ঠীৰ লোকসকলে কয় যে পৰিয়ালৰ জীবন নির্বাহ আৰু সন্তানৰ শিক্ষাৰ বাবে এই ভূমিতেই ডালচেনি, ধান, কাঁঠাল আৰু মধুৰিৰ খেতি কৰে। এয়াই তেওঁলোকৰ দশক দশক ধৰি চলি অহা পৰম্পৰাগত জীৱন ধাৰণ পদ্ধতি। অবশ্যে অৰুণাচল প্রদেশৰ মুখ্যমন্ত্রী খান্ডুবে চীনৰ প্ৰকল্পক অস্তিত্বৰ প্রতি ভাবুকি বুলি কৈছে। চীনৰ প্রকল্পই জলসংকটৰ সৃষ্টি কৰিব আৰু ভাৰতে নির্মাণ কৰিবলগীয়া প্রকল্পই জলসুৰক্ষা নিশ্চিত কৰাৰ উপৰি সম্ভাব্য বানপানী বোধ কৰিব। এক বিবৃতিত অৰুণাচল চৰকাৰে এই কথা উল্লেখ কৰিছে।
ক্ষতিগ্রস্ত হ’বলগীয়া পৰিয়ালসমূহৰ বাবে বিতং ক্ষতিপূৰণৰ বিষয়টো আলোচনা কৰা বুলি অৰুণাচল প্রদেশ চৰকাবে বিবৃতিত প্রকাশ কৰে। অঞ্চলটোৰ এজন আদি সম্প্রলয়ৰ জনপ্রতিনিধি আল’ লিবাড়ে কয় যে ভাৰত চৰকাৰে গ্রহণ কৰা প্রকল্পৰ ফলত ডুব যাবলগীয়া গাঁওসমূহৰ বাসিন্দাসকলক যদি যথেষ্ট। পৰিমাণৰ ক্ষতিপূৰণ দিয়া হয় হেন্দ্রে হয়তো তেওঁলোকক পতিয়ন নিয়াব পৰা যাব। তথ্য অনুসৰি, এনএইছপিচিয়ে গাঁওবাসীক আন স্থানলৈ স্থানান্তবৰ লগতে জৰুৰীকালীন আন্তঃগাঁথনি নির্মাণ আৰু শিক্ষাৰ বাবদ প্রায় ২৭ কোটি ডলাৰতকৈ অধিক ধন ব্যয় কৰিবলৈ সাজু হৈছে।
অৱশ্যে অতি শেহতীয়াভারে তিনিখন আদিগাঁৱৰ বাসিন্দাই এনএইছপিচিক বান্ধ সম্পর্কীয় কাম-কাজৰ বাবে সামগ্রী কঢ়িয়াবলৈ দিয়া বুলি অৰুণাচল চৰকাৰে কয়।
মনকৰিবলগীয়া যে ভাৰতত বৃহৎ নদীবান্ধৰ বিৰুদ্ধে আন্দোলনৰ দীঘলীয়া ইতিহাস আছে। আপাৰ ছিয়াং বান্ধ নির্মাণৰ বাবে সেউজ সংকেত লাভ কৰিলেও ইয়াক নির্মাণ কৰিবলৈ কমেও এনেবোৰ কাৰণতে এটা দশকৰ প্রয়োজন হ’ব বুলি এই বিষয়ত ভূ ৰখা মহলে দাবী কবে। ইয়াৰ অর্থ হ’ল চীনৰ প্রকল্প নির্মাণ সম্পূর্ণ হোৱাৰ পাছতে হয়তো ভাবতে বান্ধ নির্মাণ সম্পূর্ণ কৰিব পাৰিব। বেইজিত্তে ২০৩০ৰ মাজভাগৰ পৰাই শক্তি উৎপাদন আবদ্ধ কৰিব বুলি আশা প্রকাশ কৰিছে।
উল্লেখ্য যে আন্তঃবাস্ত্রীয় বিশেষজ্ঞ মহল আৰু আদি সম্প্রদায়ৰ বান্ধ বিবোধী সমাজকর্মীসকলে ভূকম্পপ্রবণ তিব্বত আৰু অৰুণাচল প্রদেশত বৃহৎ বান্ধ নির্মাণে অধিক ভয়াবহতা কঢ়িয়াই আনিব বুলি সকীয়াই দিছে। নামনি অঞ্চলৰ সম্প্রদায়সমূহৰ বাবে বৃহৎ বান্ধ নির্মাণে পৰিস্থিতি অতি সংকটজনক কৰি তুলিব বুলিও এইসকলে সকীয়াই দিছে। আমেৰিকাৰ ইউনিভাবচিটা অব এবিজ’নাব তাবত-চীন জল সম্পর্ক বিশেষজ্ঞ সত্যাংশু মোদকে কয় যে চীনৰ বান্ধ অতি উচ্চ ভূকম্পন মণ্ডলৰ ওপৰত নিৰ্মাণ কৰি থকা হৈছে আৰু এই অঞ্চলব জলবায়ু অতি কঠিন।
ইয়াৰ ফলত ভূমিস্খলন, বোকাস্খলন আক হিমবাহ স্খলন হৈ বানপানীৰ সৃষ্টি হ’ব পাৰে। ইয়াৰ ফলত বান্ধৰ সুৰক্ষাৰ প্রতিও ভাবুঝি আহিব পাৰে। তেওঁ কয় যে এয়া ভাৰতৰ বাবে অত্যন্ত উদ্বেগৰ বিষয় আৰু ভাৰত চৰকাৰে এই সন্দৰ্ভত চীনৰ স’তে আলোচনা কৰা উচিত।






























