কমেডিয়ান আৰু সামাজিক মাধ্যমৰ কথাকথিত ইনফ্লুয়েন্সাৰ সময় ৰাইনা আকৌ এবাৰ উচ্চতম ন্যায়ালয়ৰ ৰোষত পৰিল। ‘ইন্ডিয়াজ গট লেটেন্ট’ৰ আন এক পর্বত সম্প্রচাৰিত হোৱা কনণ্টেৰৰ সন্দৰ্ভত আদালতত উত্থাপিত এক গোচৰৰ শুনানিত সময়ক কালি উচ্চতম ন্যায়ালয়ে তীব্র ভর্ৎসনা কৰিলে।
বিশেষভাৱে সক্ষম লোকক লৈ ৰসিকতা কৰাৰ সময়ত আপত্তিকৰ মন্তব্য কৰাৰ কাৰণত সময়সহ পাঁচজন ইউটিউবাৰক শীঘ্রে নিঃচর্তে ক্ষমা বিচাৰিবলৈ নির্দেশ দিলে সর্বোচ্চ ন্যায়ালয়ে।
প্রকাশ্যে ক্ষমা নিবিচাৰিলে ইউটিউবাৰকেইজনক জৰিমনা বিহাৰো হুংকাৰ দিলে উচ্চতম ন্যায়ালয়ে। সময়ে নিজৰ অনুষ্ঠানত অলপতে বিশেষভাৱে সক্ষমৰ সন্দৰ্ভত আপত্তিজনক ৰসিকতা কৰিছিল।
সেই সময়ত উক্ত অনুষ্ঠানত উপস্থিত আছিল বিপুন গোৱেল, বলবাজ পৰমজিৎ সিং ঘাই, সোণালী থক্কৰ আৰু নিশান্ত জগদীশ টানবাৰ। এই পাঁচ ইউটিউবাৰক বিশেষভাবে সক্ষমক লৈ কৰা আপত্তিকৰ বসিকতাৰ কাৰণত ক্ষমা বিচাৰিবলৈ সোমবাৰে নির্দেশ দিলে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধী সূর্যকান্ত মিশ্র আৰু জয়মাল্য বাগচীৰ বিচাৰপীঠে।
শীর্ষ আদালতে ক’লে, ‘যেতিয়া আনক লৈ বসিকতা কৰে তেতিয়া দয়া কৰি সতর্ক হওক। যেতিয়া আপুনি কোনো মন্তব্য কৰে, তেতিয়া বাক স্বাধীনতাৰ নামত কোনো সম্প্রদায় বা ব্যক্তিব ভাবাবেগত আঘাত কৰিব নোৱাৰিব। আপোনালোক অবিলম্বে আদালতত ক্ষমা বিচাৰক। কেৱল আদালততে নহয়, নিজৰ সামাজিক মাধ্যম একাউন্ট, ইউটিউব চেনেল আৰু পডকাষ্টতো এই বিষয়ত ক্ষমা বিচাৰিব লাগিব।






























