Terrible road accident in Maran:
মৰাণৰ খটখটিৰ বাইপাছত মঙলবাৰে পুৱা সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাতে থিতাতে প্ৰাণ গ’ল পিতা- পুত্ৰৰ ৷
নিজ পুত্ৰক মৰাণস্থিত বিদ্যালয়য়ত থবলৈ বুলি একষ্ট্ৰাৰ বাহনে গৈ থকা সময়ত গছপুৰীয়া চাৰিলেনযুক্ত পথত বিপৰীতে ফালৰ পৰা অহা এখন বলেৰ’ পিকআপ বাহনৰে মুখামুখি সংঘর্ষৰ ফলত পিক বাহন খন পথৰ ওপৰত বাগৰি পৰে । আনহাতে,দুৰ্ঘটনাটোত একষ্ট্ৰাৰ বাহন খনৰ সন্মুখভাগ সম্পূৰ্ণ ৰূপে চুৰ্ণবিচুৰ্ণ হয় থিতাতে মৃত্যু হয় পিতৃ খগেন বৰুৱা, পুত্ৰ যুগল কিশোৰ বৰুৱা ৷ আনহাতে পিকভান খনৰ আৰোহীজন গুৰুতৰভাৱে আহত হয় ৷ ঘটনাৰ খবৰ লাভ কৰাৰ পিচত মৰাণ আৰক্ষী উপস্থিত হৈ পিতা- পুত্ৰৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষা বাবে প্ৰেৰণ কৰাৰ বিপৰীতে পিকআপ ভান খনৰ চালকক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷
বিদ্যালয়লৈ বুলি গৈ থকা পথত দুৰ্ঘটনাপতিত হৈ দুই পিতা- পুত্ৰই কৰুণ মৃত্যুক সাবটি লোৱাত গভীৰ শোকৰ ছাঁ পৰে সমগ্ৰ মৰাণতে ।






























