Narendra Modi:✒️অৱশেষত তদন্ত আৰম্ভ হ’ল উদ্যোগপতি মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানীৰ ব্যক্তিগত চিৰিয়াখানা বিখ্যাত ‘বনতাৰা’ক লৈ। গুজৰাটৰ উদ্যোগ নগৰী জামনগৰস্থিত গ্রীণছ জুল’জিকেল ৰেস্কিউ এণ্ড ৰিহেবিলিটেচন কেন্দ্ৰ-বনতাৰাক লৈ তদন্তৰ বাবে উচ্চতম ন্যায়ালয়ে এক স্বতন্ত্র বিশেষ তদন্তকাৰী গোট (এছআইটি) গঠন কৰিছে।
উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ জাষ্টি চেলামেশ্বৰৰ নেতৃত্বত ন্যায়ালয়ে গঠন কৰা এই এছআইটিত উত্তৰাখণ্ড আৰু তেলেংগানা উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰাঘবেন্দ্র চৌহান, মুম্বাই আৰক্ষীৰ প্ৰাক্তন আয়ুক্ত হেমন্ত নাগ্রালে, সীমা শুল্কৰ অতিৰিক্ত আয়ুক্ত আনিশ গুপ্তাক লৈ এই এছআইটি গঠন কৰিছে উচ্চতম ন্যায়ালয়ে।
সোমবাৰে ন্যায়াধীশ পংকজ মিট্রাল আৰু ন্যায়াধীশ প্রসন্ন বি ভাৰালেৰ এখন বিচাৰপীঠে এই এছআইটি গঠন কৰে। আইন উলংঘাৰে দেশ-বিদেশৰ পৰা প্ৰাণী সংগ্ৰহ কৰি বনতাৰালৈ অনা, বনতাৰাত প্রাণীবোৰক অত্যাচাৰ চলোৱা, বিত্তীয় অনিয়ম, ধন আত্মসাৎ আদি অভিযোগ লৈ অধিবক্তা চি আৰ জয়া ছুকিন আৰু একাংশ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয়।
এইসকলৰ আবেদনৰ শুনানি গ্রহণ কৰি দুজনীয়া বিচাৰপীঠখনে প্রাক্তন ন্যায়াধীশ চেলামেশ্বৰক অধ্যক্ষৰূপে লৈ বিশেষ তদন্তকাৰী গোট গঠন কৰি তদন্ত তাৎক্ষণিকভাৱে আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়ে। লগতে অহা ১২ ছেপ্টেম্বৰৰ ভিতৰত এই তদন্তকাৰী গোটক প্রতিবেদন দাখিল কৰিবলৈ ন্যায়ালয়ে নির্দেশ দিয়ে।
ন্যায়ালয়ে লগতে স্পষ্ট কৰি দিয়ে যে তদন্ত প্রতিবেদন কাৰোৰে পৰ্যবেক্ষণৰ দ্বাৰা প্ৰভাৱিত হ’ব নালাগিব। অৱশ্যে ন্যায়ালয়ে এই তদন্ত সমিতিক কেৱল তথ্য উদ্ধাৰৰ দায়িত্বহে প্রদান কৰিছে। এই নির্দেশ জাৰিৰ সময়ত বিচাৰপীঠে মন্তব্য কৰে যে কেৱল ন্যায়ালয়ক সহায় কৰাৰ বাবেহে এই এছআইটি গঠন কৰা হৈছে।
এছআইটিয়ে বনতাৰাৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহৰ সত্যাসত্য নিৰূপণ কৰি ন্যায়ালয়ক পৰৱৰ্তী নির্দেশ জাৰিৰ বাবে সক্ষম কৰি তুলিব। আনহাতে, ন্যায়ালয়ে এই নির্দেশ জাৰিৰ সময়ত উল্লেখ কৰে যে আবেদনকাৰীয়ে কেৱল অভিযোগহে উত্থাপন কৰিছে।
তদন্তৰ যোগ্য হোৱাকৈ অভিযোগৰ সমর্থনত আবেদনকাৰীয়ে প্রমাণ দিয়া নাই বুলিও ন্যায়ালয়ে মন্তব্য কৰে। উল্লেখ্য যে বনতাৰা সন্দৰ্ভত কেন্দ্রীয় চিৰিয়াখানা কর্তৃপক্ষ, বিপন্ন প্রজাতিৰ বন্যপ্রাণী আৰু উদ্ভিদ সংস্থা, আদালত আদিৰ ভূমিকাক লৈয়ো আবেদনকাৰীয়ে সন্দেহ প্রকাশ কৰে।
অভিযোগৰ সমর্থনত তথ্য-প্রমাণ আবেদনকাৰীয়ে জমা নিদিয়াক লৈ বিচাৰপীঠখনে কয়, ‘সাধাৰণতে এনে আবেদন নাকচ কৰা হয়। কিন্তু আবেদনকাৰীয়ে আইনগত সংস্থা, আদালতকো সন্দেহৰ আওতালৈ অনাৰ পৰিপ্ৰেক্ষিতত বিষয়টো সুকীয়াকৈ চোৱা হৈছে।






























