পাকিস্তানৰ পৰা নেপাল হৈ বিহাৰত প্ৰৱেশ তিনিজন জৈছ সন্ত্ৰাসবাদী! 

ফটো প্ৰকাশ কৰি ৰাজ্যজুৰী আৰক্ষীয়ে জাৰি কৰিছে সতৰ্কবাণী

1756361195 3 terrorist

Jaish Terrorist:✒️পাকিস্তানৰ পৰা নেপাল হৈ বিহাৰত প্ৰৱেশ কৰিছে তিনিজন জৈছ সন্ত্ৰাসবাদী।তথ্য লাভ কৰিয়ে চোৰাংচোৱা সংস্থাই বিহাৰ আৰক্ষীক সতৰ্ক কৰি দিয়ে। ইয়াৰ পাছতে ৰাজ্যজুৰি বিহাৰ আৰক্ষীয়ে জাৰি কৰিছে হাই এলাৰ্ট।

চোৰাংচোৱা সূত্ৰৰ মতে, তিনিজন সন্ত্ৰাসবাদী চিনাক্ত কৰা হৈছে। তেওঁলোক হ’ল পাকিস্তানৰ ৰাৱালপিণ্ডিৰ বাসিন্দা হাছনেইন আলী; উমাৰকোটৰ বাসিন্দা আদিল হুছেইন আৰু বাহাৱালপুৰৰ বাসিন্দা মহম্মদ উছমান।তিনিওজনেই জৈছ-ই-মহম্মদ সন্ত্ৰাসবাদী সংগঠনৰ সদস্য।

চোৰাংচোৱা সূত্ৰৰ তথ্য অনুসৰি আগষ্টৰ দ্বিতীয় সপ্তাহত পাকিস্তানৰ পৰা নেপালৰ কাঠমাণ্ডুত উপস্থিত হয় এই তিনি উগ্ৰপন্থী। ইয়াৰ পাছত শেহতীয়াকৈ তেওঁলোকে বিহাৰত অনুপ্ৰৱেশ কৰিছিল।

ইতিমধ্যে উগ্ৰপন্থী তিনিজনৰ ছবি প্ৰকাশ কৰি ৰাজ্যখনক সকীয়াই দিয়া হৈছে। উগ্ৰপন্থীসকলক বিচাৰি উলিয়াবলৈও এক তালাচী অভিযান আৰম্ভ কৰা হৈছে।

উগ্ৰপন্থী তিনিজন সন্দৰ্ভত ৰাজ্যৰ আৰক্ষী মুখ্য কাৰ্যালয়ে সকলো জিলা আৰক্ষী বিষয়ালৈ বিতং বাৰ্তা প্ৰেৰণ কৰি সকীয়াই দিছে।

চোৰাংচোৱা সংস্থাসমূহেও উগ্ৰপন্থীৰ গতিবিধি অনুসৰণ কৰিবলৈ আৰম্ভ কৰিছে। আৰক্ষী আৰু প্ৰশাসনে সন্দেহজনক কিবা দেখা পালে আৰক্ষীক অৱগত কৰিবলৈ ৰাজ্যবাসীলৈ বাৰ্তা জাৰি কৰিছে।

Exit mobile version