Heavy Rain:বতৰ বিজ্ঞান বিভাগে দিল্লীৰ কেবাটাও স্থানৰ বাবে জাৰি কৰিছে হালধীয়া সতৰ্কবাণী । শুকুৰবাৰে দিল্লীৰ কেবাটাও স্থানত বজ্ৰপাতৰ স’তে লঘুৰ পৰা মধ্যমীয়া বৰষুণৰ ভৱিষ্যদ্বাণী কৰা হৈছে।
আজি পুৱা নয়ডাত ধাৰাসাৰ বৰষুণ। ইয়াৰ পাছতে নয়ডা আৰু গাজিয়াবাদৰ বাবে ৰেড এলাৰ্ট জাৰি কৰা হৈছে।
উত্তৰ প্ৰদেশৰ গৌতম বুদ্ধ নগৰ আৰু গাজিয়াবাদৰ বাবে ৰেড এলাৰ্ট জাৰি কৰা হৈছে বুলি লক্ষ্ণৌৰ বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে। দক্ষিণ-পূব দিল্লী, মধ্য দিল্লী, শ্বাহদৰা, পূব দিল্লীৰ দৰে ঠাইৰ বাবে জাৰি কৰা হৈছে হালধীয়া সতৰ্কবাণী।
শুকুৰবাৰে গোটেই দিনটো ৰাজধানীৰ বাকী অংশত লঘুৰ পৰা মধ্যমীয়া বৰষুণৰ পূৰ্বানুমান কৰা হৈছে।
বতৰ বিজ্ঞান বিভাগে গুৰুগ্ৰাম আৰু ফৰিদাবাদৰ বাবে কোনো সতৰ্কবাণী জাৰি কৰা নাই।
বতৰ বিজ্ঞান বিভাগে হাৰিয়ানা আৰু পঞ্জাৱ (চণ্ডীগড়, ৰূপনগৰ, এছ এ এছ নগৰ, আম্বালা, পঞ্চকুলা, যমুনানগৰ) আৰু উত্তৰাখণ্ড (ৰুদ্ৰপ্ৰয়াগ)ৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছে।
কেৰেলা (কান্নুৰ, কাছাৰগোড, কোঝিকোড়, ৱায়ানাড, লক্ষদ্বীপ), গোৱা (উত্তৰ গোৱা, দক্ষিণ গোৱা), গুজৰাট (আমৰেলী, ভৱনগৰ, বোটাদ, দিউ, গীৰ সোমনাথ, জুনাগধ, মৰ্বি, পোৰবন্দৰ, সুৰেন্দ্ৰনগৰ),উত্তৰ প্ৰদেশ (বহৰৈচ, বলৰামপুৰ, বিজনোৰ, লখিমপুৰ খেৰী, মুজাফ্ফৰনগৰ, পিলিভীত, চাহাৰনপুৰ, শ্বাহজাহানপুৰ, শ্ৰৱস্তি, সীতাপুৰ)ত কমলা সতৰ্কতা জাৰি কৰা হৈছে।
উত্তৰাখণ্ড, হিমাচল প্ৰদেশ, ৰাজস্থান, উত্তৰ প্ৰদেশ, জম্মু-কাশ্মীৰ, পঞ্জাৱ আৰু হাৰিয়ানাত এক ছেপ্টেম্বৰলৈকে প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে।
