Yogi government:✒️আৰম্ভ হৈছে উৎসৱৰ বতৰ। আৰু ইয়াৰ প্ৰাকক্ষণতে উত্তৰ প্ৰদেশত লোৱা হ’ল ডাঙৰ পদক্ষেপ । উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতে উত্তৰ প্ৰদেশৰ আঠখন জিলাত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে ফটকা ব্যৱহাৰ।
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতে যোগী চৰকাৰৰ ইউ পি আৰক্ষীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰে।
ৰাজ্যখনৰ আঠখন জিলাত ফটকা নিৰ্মাণ, বিক্ৰী আৰু ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। উত্তৰ প্ৰদেশৰ যিকেইখন জিলাত এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে সেয়া হ’ল- মীৰুট, গাজিয়াবাদ, গৌতম বুদ্ধ নগৰ (নয়ডা), বুলন্দশ্বহৰ, হাপুৰ, বাঘপাট, ছামলী আৰু মুজাফ্ৰনগৰ।
উল্লেখ্য যে,বায়ু প্ৰদূষণ ৰোধৰ বাবে যোগী চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। নিষেধাজ্ঞা উলংঘা হ’লে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি স্পষ্ট কৰি দিছে আৰক্ষীয়ে।
নিৰ্দিষ্ট জিলাৰ যিকোনো এখনত আতচবাজী প্ৰস্তুত, মজুত বা বিক্ৰী কৰা যিকোনো ব্যক্তি বা সংস্থাক পাঁচ বছৰ পৰ্যন্ত কাৰাদণ্ড বিহা হ’ব পাৰে।
আনকি এক লাখ টকা পৰ্যন্ত জৰিমনাও কৰিব লগা হ’ব পাৰে। এই নিয়ম সকলোৰে বাবে বাধ্যতামূলক।
উত্তৰ প্ৰদেশত ইউ পি আৰক্ষীয়ে এই সন্দৰ্ভত অভিযোগৰ খবৰ দিবলৈ ১১২ নম্বৰত ডায়েল কৰাৰ পৰামৰ্শ দিছে।
লগতে হোৱাটছএপ (৭৫৭০০০০০১০০) বা এছএমএছ (৭২৩৩০০০১০০) যোগে অভিযোগ দাখিল কৰিব পাৰিব। ফেচবুক (@112UttarPradesh) আৰু এক্স হেণ্ডেল (@112UttarPradesh)তো অভিযোগ দাখিল কৰিব পাৰিব।
আনকি উত্তৰ প্ৰদেশ প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ ৱেবছাইটত পোনপটীয়াকৈ অভিযোগ দাখিল কৰিব পৰা যাব বুলিও ঘোষণা কৰা হৈছে।
প্ৰদূষণ ৰোধৰ বাবে যোগী চৰকাৰৰ এই পদক্ষেপে জনসাধাৰণৰ মাজত পৰিৱেশ সুৰক্ষাৰ সজাগতা বৃদ্ধি কৰিব বুলি অনুমান কৰা হৈছে।






























