Deadbody Recovered in Chandmari:
মহানগৰীৰ চানমাৰি কলনীত চাঞ্চল্যকৰ ঘটনা ৷ৰোহিণী এপার্টমেণ্টৰ এটা ফ্লেটৰ এটা কোঠাত ৰক্তাক্ত অৱস্থাত উদ্ধাৰ হয় এজন লোকৰ মৃতদেহ ৷ মৃত লোকজন বীৰেন তামুলী বুলি চিনাক্ত কৰা হয় ৷ স্থানীয় আবাসীয়ে ঘটনাৰ বিষয়ে আৰক্ষীৰ খবৰ দিয়াৰ পিছতে চানমাৰি আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে প্ৰাৰম্ভিক তদন্ত ৷ একেদৰে ঘটনাস্থলীত উপস্থিত হয় ফৰেনচিকৰ দল ৷ ইতিমধ্যে আৰক্ষী আৰু ফৰেনচিকৰ দলে মৃতদেহ আৰু কোঠা আৰু এপাৰ্টমেণ্ট তন্নতন্নকৈ পৰীক্ষা কৰাৰ পিছত মৃতদেহটি মৰনোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইছলৈ প্ৰেৰণ কৰে ৷
ADVERTISEMENT






























