School:✒️আজিৰ তাৰিখতো ভাৰতত ৩৫ শতাংশৰো অধিক বিদ্যালয়ত উপলব্ধ হোৱা নাই কম্পিউটাৰ আৰু ইণ্টাৰনেট সেৱা। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ ‘ডিজিটেল ইণ্ডিয়া’ত কম্পিউটাৰ আৰু ইণ্টাৰনেটৰ সুবিধা উপলব্ধ বিদ্যালয়ৰ হাৰ সম্প্রতি সামান্য বৃদ্ধি পালে যদিও এই ক্ষেত্ৰত এশ শতাংশ সফলতা অৰ্জনৰ পৰা এতিয়াও যথেষ্ট দূৰত আছে দেশৰ স্কুলীয়া শিক্ষা ব্যৱস্থা।
সম্প্ৰতি কেন্দ্ৰৰ শিক্ষা মন্ত্রণালয়ে ‘ইউনিফাইড ডিস্ট্রিক্ট ইনফ’ৰমেচন ছিষ্টেম ফ’ৰ এডুকেচন প্লাছ’ (ইউডিআইএছই+) শীর্ষক ২০২৪-২৫ শিক্ষাবৰ্ষৰ এক প্রতিবেদন প্রকাশ কৰিছিল আৰু এই প্রতিবেদনত উল্লেখ কৰা অনুসৰি দেশৰ ৩৫ শতাংশবো অধিক বিদ্যালয়ত কম্পিউটাৰ উপলব্ধ হোৱা নাই।
আনহাতে ৩৫ শতাংশৰো অধিক বিদ্যালয়ত কম্পিউটাৰ থাকিলেও উপলব্ধ হোৱা নাই ইণ্টাৰনেট সেরা। প্রতিবেদনৰ তথ্যত লগতে প্রকাশ যে ২০২৪-২৫ শিক্ষাবর্ষত দেশত কম্পিউটাৰ থকা বিদ্যালয়ৰ হাৰ হৈছে ৬৪.৭ শতাংশ।
২০২৩-২৪ শিক্ষাবৰ্ষত এই হাৰ আছিল ৫৭.২ শতাংশ। আনহাতে, ২০২৪-২৫ শিক্ষা বর্ষত দেশত ইণ্টাৰনেট সেবা উপলব্ধ বিদ্যালয়ৰ হাৰ আছিল ৬৩.৫ শতাংশ।
এবছৰৰ পূর্বে এই হাৰ আছিল ৫৩.৯ শতাংশ। ২০২৪-২৫ শিক্ষাবর্ষত সর্বাধিক সংখ্যক শিক্ষার্থীয়ে বিদ্যালয় ত্যাগ কৰা ঘটনা সংঘটিত হৈছিল মাধ্যমিক পৰ্যায়ত।এই হাৰ আছিল ৮.২ শতাংশ।
২০২৩-২৪ শিক্ষাবর্ষত মাধ্যমিকত বিদ্যালয় ত্যাগ কৰা শিক্ষাৰ্থীৰ হাৰ আছিল ১০.৯ শতাংশ। অর্থাৎ পূৰ্বৰ শিক্ষাবৰ্ষৰ তুলনাত ২০২৪-২৫ শিক্ষাবর্ষত দেশত মাধ্যমিক পর্যায়ত বিদ্যালয় ত্যাগ কৰা শিক্ষাৰ্থীৰ সংখ্যা সামান্য হ্রাস পালে।
দেশৰ প্ৰায় ১১ শতাংশ বিদ্যালয়ত নাই পুথিভঁৰাল। প্রতিবেদনত শিক্ষা মন্ত্রণালয়ে লগতে উল্লেখ কৰা অনুসৰি ভাৰতত প্ৰথমবাৰৰ বাবে শিক্ষকৰ সংখ্যা এক কোটিৰ অধিক হ’ল। ২০২৪-২৫ শিক্ষাবৰ্ষত দেশৰ চৰকাৰী খণ্ডত নিয়োজিত শিক্ষকৰ সংখ্যা এক কোটি এক লাখ ২২ হেজাৰ ৪২০ জনলৈ বৃদ্ধি পালে।






























