Uttarakhand:✒️উত্তৰাখণ্ডৰ চামোলীত প্ৰবল বৰষুণ আৰু ভূমিস্খলনে ধাৰণ কৰিছে বিধ্বংসী ৰূপ । বদ্ৰীনাথ ঘাইপথৰ পাঁচ স্থানত ভূমিস্খলনৰ ফলত ব্যাহত হৈছে যাতায়ত। প্ৰশাসনিক সূত্ৰ অনুসৰি যোশীমঠ আৰু অনিমথৰ সমীপত হোৱা ভূমিস্খলনৰ ফলত পথ অৱৰোধ হৈছে।
আনহাতে, বদ্ৰীনাথ ঘাইপথৰ পাঁচটা স্থান – পাগল নলা, নন্দপ্ৰয়াগ, ভানেৰপানী, কামেৰা আৰু চতোৱা পিপলতো ভূমিস্খলন সংঘটিত হৈছে।লগতে জ্যোতিৰ্মথ-মলাৰী ঘাইপথৰ এখন দলং পানীত জাহ গৈছে বুলিও প্ৰশাসনে জানিবলৈ দিয়ে।
চামোলী আৰক্ষীয়ে জনোৱা মতে, তমাক নলাৰ ওপৰত থকা এখন দলং বানপানীয়ে উটুৱাই নিয়াৰ ফলত যোগাযোগ ব্যাহত হৈ পৰে। থাৰালী অঞ্চলৰ কোটাদীপৰ সমীপৰ পথটোও বন্ধ হৈ পৰিছে। নীতি উপত্যকাৰ বহু ঠাই বিচ্ছিন্ন হৈছে।
উত্তৰাখণ্ড, পূব ৰাজস্থান, জম্মু-কাশ্মীৰ, পঞ্জাব, হাৰিয়ানা আৰু পশ্চিম উত্তৰ প্ৰদেশত ২ ছেপ্টেম্বৰলৈকে প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা থকা বুলি বতৰ বিজ্ঞান বিভাগে জনাইছে।
এই সময়ছোৱাত হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডৰ কিছু অংশৰ বাবেও আকস্মিক বানৰো নিষেধাজ্ঞাৰ সতৰ্কবাণী জাৰি কৰা হৈছে।






























