ৰাজ্যৰ ছয় জনগোষ্ঠীৰ শীঘ্ৰে জনজাতিকৰণৰ দাবীত ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী

অসমক জনজাতি ৰাজ্য ঘোষণাৰ দাবী

images 6 9

Assam:✒️জনজাতিকৰণ আৰু স্বায়ত্তশাসনৰ দাবীত বিজেপি চৰকাৰে কৰা চূড়ান্ত প্ৰতাৰণাৰ ক্ষোভত পুনৰ ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে তাই আহোম যুৱ পৰিষদ, অসম (টাইপা)-এ। কালি ইয়াত টাইপাৰ সভাপতি দিগন্ত তামুলী, কার্যকৰী সভাপতি ভৃগু হাতীমূৰীয়া আৰু যুটীয়া সম্পাদক দ্বীপজ্যোতি দুবৰাই এক সংবাদমেলত ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্রদান কৰি অসমক জনজাতি ৰাজ্যৰূপে ঘোষণা কৰিলেহে অসমত অসমীয়াৰ প্ৰভুত্ব থাকিব বুলি দাবী কৰে।

২০২৬ৰ বিধানসভা নির্বাচনৰ আগতে তাই আহোমকে ধৰি ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰা নহ’লে যোৱা ১১ বছৰে কৰি অহাৰ দৰে ইয়াকে লৈ টেঙা আম বিক্ৰী কৰিবলৈ দিয়া নহ’ব বুলি সকীয়নি প্রদান কৰে টাইপাৰ নেতৃত্বই লগতে শীঘ্ৰে মন্ত্রীগোটৰ প্ৰতিবেদন কেন্দ্ৰলৈ প্ৰেৰণ কৰিবলৈ দাবী জনায়।

সভাপতি তামুলীয়ে কয় যে অসমত অসমীয়াৰ প্ৰভুত্ব যদি অক্ষুণ্ণ হৈ থাকিব লাগে, বেদখল উচ্ছেদ, বিদেশী বিতাড়নৰ লগতে ছয় জনগোষ্ঠীক জনজাতিৰ মর্যাদা প্রদান কৰিব লাগিব। অসমক জনজাতি ৰাজ্যৰূপে ঘোষণা কৰিলেহে অনাদি-অনন্ত কাললৈ অসমীয়া ৰাইজৰ অসমত প্রভুত্ব থাকিব।

অন্যথা খিলঞ্জীয়াৰ প্ৰভুত্ব নাথাকে, যিটো কথা সাধাৰণতে বিজেপি দল আৰু চৰকাৰে কৈ থাকে বুলি তেওঁ উল্লেখ কৰি পুনৰ কয়, ‘তাই আহোম জনগোষ্ঠীয়ে জনজাতিকৰণকে ধৰি স্বায়ত্ত শাসন, প্রাচীন কৃর্তিচিহ্নসমূহৰ বেদখলমুক্ত কৰি সৌন্দৰ্যবৰ্ধনৰ দাবী কৰি আহিছে। যিহেতু ২০১৯৩ ৰাজ্যসভাত তাই আহোমকে ধৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিধেয়কখন উত্থাপন কৰা হৈছিল; কিন্তু আজিকোপতি মন্ত্রীগোটে প্রতিবেদন প্ৰেৰণ নকৰা ফলত এইখন গৃহীত কৰি আইনত পৰিণত কৰিব পৰা নাই। সেয়ে শীঘ্রে মন্ত্রীগোটৰ প্ৰতিবেদন কেন্দ্ৰলৈ প্ৰেৰণ কৰিবলৈ দাবী জনাইছো। ‘

উল্লেখ্য যে চৰকাৰৰ এই প্ৰতাৰণাৰ প্ৰতিবাদত আগন্তুক দিনত প্রধানমন্ত্রী আৰু গৃহমন্ত্ৰীৰ প্ৰতিটো অসম ভ্রমণ কার্যসূচী বিৰোধিতা কৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি ঘোষণা কৰি টাইপাৰ সভাপতিজনে কয় যে ইয়াৰ অংশস্বৰূপে সম্প্ৰতি সমগ্র অসমত টাইপাই ক’লা পতাকা প্ৰদৰ্শন কৰিছে।

ন্যাৰ্যপ্ৰাপ্তিৰ দাবীৰে ছেপ্টেম্বৰত ৰাজ্যজুৰি জোঁৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰাৰ পাছত অক্টোবৰত মটৰ চাইকেল সমদল আৰু অসম বিধানসভা ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। ইয়াৰ পাছতে নৱেম্বৰত জিলাই জিলাই নাগৰিক সভা আৰু দিল্লীত ধর্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। ডিচেম্বৰত অর্থনৈতিক অৱৰোধৰ লগতে সৰ্বাত্মক অসম বন্ধ কার্যসূচী ৰূপায়ণ কৰা হ’ব বুলি টাইপাৰ সভাপতি তামুলীয়ে ঘোষণা কৰে।

উল্লেখ্য যে ২০১৪ৰ লোকসভা নিৰ্বাচনৰ সময়ছোৱাত সেই সময়ৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী নৰেন্দ্ৰ মোদীয়ে শাসনলৈ আহিলে ছমাহৰ ভিতৰতে তাই আহোমকে ধৰি অসমৰ ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্রদানৰ প্ৰতিশ্রুতি প্রদান কৰিছিল।

ফলত বিজেপিয়ে ব্যাপক জনসমর্থন লাভ কৰিবলৈ সক্ষম হৈছিল বুলি মন্তব্য কৰি টাইপাৰ সভাপতিজনে কয় যে মোদী তিনিবাৰকৈ প্রধানমন্ত্রী হ’ল। অসমত বিজেপিয়ে দুবাৰকৈ চৰকাৰ গঠন কৰাৰ পাছতো এই প্রতিশ্রুতি আজিকোপতি পূৰণ নোহোৱাতো দুর্ভাগ্যজনক বুলি তেওঁ কয়।

Exit mobile version