Uttarakhand:ধাৰাবাহিকভাৱে হোৱা বৰষুণৰ ফলত উত্তৰাখণ্ডৰ বিভিন্ন জিলাত সংঘটিত হৈছে ভূমিস্খলন। এইবাৰ কেদাৰনাথ ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলনৰ ফলত এখন বাহনৰ ওপৰত পৰিল শিল।
ঘটনাটোত থিতাতে নিহত হয় দুজন তীৰ্থযাত্ৰী । আনহাতে আহত হয় আন ছজন। ইয়াৰে দুজনৰ অৱস্থা সংকটজনক।
উত্তৰাখণ্ড প্ৰশাসনৰ সূত্ৰ অনুসৰি সোমবাৰে পুৱা প্ৰায় সাত বজাত সোণপ্ৰয়াগ আৰু গৌৰীকুণ্ডৰ মাজৰ মানকটীয়াত সংঘটিত হয় এই ঘটনা।
ভূমিস্খলনৰ ফলত পাহাৰৰ কাষেৰে শিল বাগৰিবলৈ আৰম্ভ কৰে । সেই সময়ত গাড়ীখন পাহাৰৰ গাতে লাগি থকা ৰাষ্ট্ৰীয় ঘাইপথেৰে পাৰ হৈ আছিল।
তাৰ পাছতে বাহনখনত এটা ডাঙৰ শিল পৰিল। ৰুদ্ৰপ্ৰয়াগ জিলা দুৰ্যোগ ব্যৱস্থাপনা বিষয়া নন্দন সিং ৰাজৱাৰে জনোৱা মতে, এই দুৰ্ঘটনাত দুজন লোকে প্ৰাণ হেৰুৱাইছে।
তেওঁলোকৰ নাম ৰীতা (৩০) আৰু চন্দ্ৰ সিং (৬৮)। তেওঁলোক উত্তৰকাশীৰ বৰকোটৰ বাসিন্দা। কেদাৰনাথলৈ গৈ আছিল।আহতসকলো উত্তৰকাশীৰ বাসিন্দা।
উত্তৰাখণ্ডত বিগত কিছুদিন ধৰি ধাৰাবাহিকভাৱে বৰষুণ দি আহিছে। ইয়াৰ বাবেই জিলাখনৰ বিভিন্ন প্ৰান্তত বহু লোকে প্ৰাণ হেৰুৱাইছে।






























