সম্পৰতি সামাজিক মাধ্যমত তোলপাৰ লগাইছে এক বিশেষ প্রথাই। এই প্রথা অনুসৰি হেনো এক বিশেষ উপজাতিৰ লোকে তেওঁলোকৰ গাঁৱলৈ বাহিৰৰ অহা পুরুষ পৰ্যটকক নিজৰ পত্নীৰ স’তে সহবাস কৰিবলৈ দিয়ে।
এই কথাটো কিমান সঁচা বুলিয়ে সম্প্রতি সামাজিক মাধ্যমত বহুতে প্রশ্ন উত্থাপন কৰিছে।আচলতে বিষয়টো যিদৰে সম্পূর্ণ সঁচা নহয়, তেনেদৰে একেবাৰে অসত্যও নহয়। গ্রীণলেণ্ডৰ প্ৰৱল শীতত বসবাসকাৰী এস্কিমোসকলৰ মাজত পত্নী সালসলনি কৰাৰ এক বিশেষ প্ৰথাৰ কথা শুনা যায়। ইনুইট নামৰ এক বিশেষ উপজাতি সম্প্ৰদায়ৰ মাজত পত্নী সালসলনিৰ ইতিহাস আছে।
অৱশ্যে এই প্রথাটো এক অত্যন্ত জটিল বিষয়, যাক প্রায়েই ভুলভাবে উপস্থাপিত কৰা হয়। প্রকৃততে ই এক ঐতিহ্যবাহী প্রথা, যি এসময়ত সেই অঞ্চলৰ সংস্কৃতি আৰু জীৱন যাত্ৰাৰ স’তে গভীৰভাৱে জড়িত আছিল।
ঐতিহ্যগতভাবে ইনুইটসকলে অত্যন্ত কঠিন পৰিৱেশত বসবাস কৰিছিল, য’ত জীয়াই থকাৰ বাবে পাৰস্পৰিক সহযোগিতা আছিল অপৰিহাৰ্য। প্রচণ্ড ঠাণ্ডাত ন্যূনতম খাদ্য আৰু জীৱন-যাপনৰ সাধন ব্যৱহাৰ কৰিয়ে দিন অতিবাহিত হৈছিল তেওঁলোকৰ।
সৰু সৰু গোষ্ঠীত ভাগ হৈ বসবাস কৰিছিল এই উপজাতিৰ মানুহে। সেয়ে আন গোষ্ঠীৰ স’তে সামাজিক বন্ধন গঢ়ি তুলিবলৈ বহুতেই নিজৰ পত্নীক আন গোষ্ঠীৰ পুৰুষৰ স’তে সহবাস কৰাৰ অনুমতি প্রদান কৰিছিল। কেতিয়াবা বাহিৰৰ পৰা কোনো পৰ্যটক গ’লেও সেই পর্যটকৰ স’তে সহবাসৰ অনুমতি পাইছিল নাৰীসকলে।
এই ব্যৱস্থা অতিথিপৰায়ণতাৰ এক চৰম ৰূপ বুলিও বিবেচিত হৈছিল, য’ত আগন্তুক অতিথিক সম্মান জনোৱাৰ বাবে নিজৰ পত্নীৰ স’তে সহবাসৰ অনুমতি দিয়া হৈছিল। এই প্রথাটো ‘অতিথি সহবাস’ নামেৰে পৰিচিত।
অৱশ্যে এয়া নিয়মিত বা সাধাৰণ ঘটনা নাছিল। এয়া কেৱল বিশেষ পৰিস্থিতিত বা বিশেষ অতিথিসকলৰ ক্ষেত্ৰতহে প্রযোজ্য আছিল। লক্ষ্যণীয়ভাবে এই বিষয়টোৰ এটা বৈজ্ঞানিক দিশো আছে। ইনুইটসকলে যিহেতু সৰু সৰু গোটত বাস কৰিছিল, সেয়ে যাতে আত্মীয়সকলৰ মাজতে যৌন মিলন নঘটে তথা জিনৰ ভিন্নতা বর্তি থাকে, সেয়াও নিশ্চিত কৰিছিল এই পদ্ধতিয়ে।
মনত ৰখা জৰুৰী যে এই প্রথাটো অৱস্থাৰ পৰিপ্ৰেক্ষিতত এটা উপজাতিৰ সংস্কৃতি আৰু জীৱন-যাত্ৰাৰ এটা অংশ আছিল তথা আধুনিক সমাজৰ পৰিপ্ৰেক্ষিতত ইয়াক বিচাৰ কৰা উচিত নহয়। একাংশ ইউৰোপীয় ভ্রমণকাৰীয়ে এই প্রথাক ভুলভাবে ব্যাখ্যা কৰাৰ বাবেই জনমানসত প্রথাটোক লৈ অনেক বিভ্রান্তিৰ সৃষ্টি হৈছে। আধুনিক সমাজত এই প্রথাটো প্রায় বিলুপ্ত হৈ পৰিছে। সম্প্রতি গ্রীণলেণ্ডৰ ইনুইট সম্প্রদায়ে অন্যান্য আধুনিক সমাজৰ দৰেই জীৱন-যাপন কৰে।






























