Punjab:✒️ধাৰাবাহিকভাৱে হোৱা ধাৰাসাৰ বৰষুণৰ ফলত বানপানীৰ কবলত পৰিছে পঞ্জাৱ। পানীত ডুব গৈছে পঞ্জাৱৰ বিশাল অঞ্চল। প্ৰাপ্ত তথ্য অনুসৰি বিগত ৩৭ বছৰত কেতিয়াও এনে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হোৱা নাই।
এই পৰিস্থিতিত চীন ভ্ৰমণৰ অন্তত সোমবাৰে দিল্লীলৈ উভতি অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানক ফোন কৰি সমগ্ৰ পৰিস্থিতিৰ সন্দৰ্ভত সোধা-পোছা কৰে।
মোদীয়ে তেওঁক কেন্দ্ৰৰ পৰা সম্ভৱপৰ সকলো সহায়ৰ আশ্বাস দিয়ে। তথ্য অনুসৰি পঞ্জাৱৰ ভয়াৱহ বানপানীত হাজাৰৰো অধিক গাঁও পানীত ডুব গৈছে।
ইয়াৰ ওপৰিও এই পৰ্যন্ত ২৯ জন লোকৰ মৃত্যু হৈছে। এক লাখৰো অধিক লোক গৃহহীন হৈ পৰিছে। লগতে হেজাৰ হেজাৰ বিঘা শস্য ধ্বংস হৈছে।
এই পৰিস্থিতিৰ স’তে মোকাবিলা কৰিবলৈ মাননে কেন্দ্ৰলৈ পত্ৰ লিখি ৬০ হেজাৰ কোটি টকাৰ সাহায্য বিচাৰিছে। পৰ্যাপ্ত সংখ্যক এনডিআৰএফ বাহিনী আৰু সেনা শিবিৰ মোতায়েন কৰি সাহায্য আৰু উদ্ধাৰ অভিযানত কোনো ধৰণৰ ত্ৰুটি নাথাকিব বুলি গৃহমন্ত্ৰী অমিত শ্বাহে মানক আশ্বাস দিছে।
উত্তৰাখণ্ডৰ জম্মু-কাশ্মীৰৰ হিমাচল প্ৰদেশত বান পৰিস্থিতি ভয়াৱহ। সূত্ৰ অনুসৰি দেশৰ বান পৰিস্থিতিৰ স’তে মোকাবিলা কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উচ্চ পৰ্যায়ৰ বৈঠক আহ্বান কৰিবলৈ ওলাইছে।
ইফালে ধাৰাবাহিকভাৱে হোৱা বৰষুণৰ বাবে দিল্লী আৰু হাৰিয়ানাত বানপানীৰ সতৰ্কবাণী জাৰি কৰা হৈছে। বিপদসীমাৰ ওপৰেৰে বৈ গৈছে যমুনাৰ জলপৃষ্ঠ।
মঙলবাৰে পুৱা যমুনাৰ জলপৃষ্ঠ ২০৫.৩৩ মিটাৰত উপনীত হয়। যাৰ বাবে দিল্লীৰ নিম্নভূমি অঞ্চল বিশেষকৈ নদীৰ পাৰৰ অঞ্চলত সতৰ্কবাণী জাৰি কৰা হৈছে।
