Humanoidচীনৰ তিয়ানজিন চহৰত আয়োজিত ছাংহাই ক’অর্পৰেচন সংস্থ্য (এছচিত্ত’) বৈঠকত সকলোৰে বিশেষ দৃষ্টি আকর্ষণ কৰিলে এক মানৱাকৃতিৰ ৰ’বটে। কৃত্রিম বুদ্ধিমত্তা (এআই) সমৃদ্ধ এই ৰ’বটে এছচিত্র্য’ বৈঠকত অংশ লোৱা বিভিন্ন দেশৰ ৰাষ্ট্রনেতাক চমক দিলে।
হিউমেনইড এআই ৰ’বটৰ নাম ছাইও’। এই কৃত্রিম বুদ্ধিমত্তাধাৰী ৰ’বটটো তৈয়াৰ কৰা হৈছিল এছচিক’ বৈঠকত অংশ লোৱা ৰাষ্ট্রনেতা আৰু সাংবাদিকক সহায় কৰাৰ বাবে দৰাচলতে চীনত তৈয়াৰী কৃত্রিম বুদ্ধিমত্তাধাৰী এই ৰ’বট ইংৰাজী, ৰাছিয়া, চীনাৰ দৰে একাধিক ভাষাত শার্গত।
ADVERTISEMENT
এই ব’বটে সুন্দৰভাৱে একাধিক ভাষাত বার্তালাপ কৰিব পাৰে। ৰাষ্ট্রনেতা আক সাংবাদিকৰ সুবিধার্থে এছচিঅ’ বৈঠকত এআই ৰ’বটক নিয়োগ কৰা হৈছে।
এজন সাংবাদিকে যেতিয়া এই ৰ’বটক ভাৰতৰ বিষয়ে ব্যক্তিগত ধাৰণাৰ কথা সুধিলে তেতিয়া ৰ’বটে এইদৰে ক’লে, ‘এক এআই সেৱাৰ ৰ’বট হোৱাৰ কাৰণত, মই কোনো দেশ বা ৰাজনীতিকৰ সন্দর্ভত ব্যক্তিগত মন্তব্য প্রকাশ নকৰো।’






























