এতিয়াৰে পৰা দেশত সকলো ধৰণৰ যানবাহনত ইথানল মিহলি কৰা পেট্রোল ব্যৱহাৰ কৰাটো বাধ্যতামূলক হ’ল। প্রদূষণ নিয়ন্ত্রণৰ বাবে সমগ্র দেশত ২০ শতাংশ ইথানল মিশ্রিত পেট্র’ল ব্যৱহাৰৰ নির্দেশ জাৰি কৰিছিল কেন্দ্রৰ চৰকাৰে।
এই নির্দেশক প্রত্যাহান জনাই উচ্চতম ন্যায়ালয়ত লাখিল কৰা হৈছিল এক জনস্বার্থ জড়িত গোচৰ (পিআইএল)। কিন্তু সোমবাৰে এই পিআইএল নাকচ কৰিলে সর্বোচ্চ ন্যায়ালয়ে।
আবেদন নাকচ কৰাৰ লগতে এক নির্দেশো দিলে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বি আব গাভাই আৰু ন্যায়াধীশ কে বিনোদ চন্দ্রনৰ বিচাৰপীঠে দেশৰ সকলো পেট্র’ল পাম্পত ইথানল মিহলি কৰা পেট্র’ল (ই২০) চিহ্নিত কৰিব লাগিব আৰু সকলো গ্রাহকে যাতে এনে চিহ্নিতকৰণ স্পষ্টভাৱে প্রত্যক্ষ কৰিব পাৰে সেই ব্যৱস্থা কৰিব লাগিব বুলি উক্ত নির্দেশত বিচাৎপীঠে উল্লেখ কৰিছে।
অক্ষয় মালহোত্রা নামৰ এজন লোকে সর্বোচ্চ ন্যায়ালয়ত দাখিল কৰা পিআইএলত কৈছিল যে দেশাত গাড়ীচালকক বাধ্যতামূলকভাবে ইথানল মিহলি পেট্র’ল ব্যৱহাৰ কৰিবলৈ দিয়া হৈছে আৰু ইয়াব ফলাত যানবাহনৰ ইঞ্জিনক যথেষ্ট ক্ষতি হৈছে। কিন্তু এই অভিযোগ বিবেচনাৰ বাবে গ্রহণ নকৰিলে উচ্চতম ন্যায়ালয়ে।
সম্প্রতি এক অভিযোগ উঠিছে যে ইথানল মিহলি পেট্র’ল ব্যৱহাৰ কৰাৰ কাৰণত বাহনৰ মাইলেজ ক্ষমতা হ্রাস পাইছে। আজিৰ শুনানিত এটর্নি জেনেৰেল আন ভেংকটৰামানিয়ে অভিযোগকাৰীৰ সকলো যুক্তি নাকচ কৰি কয় যে এই গোচৰৰ আঁৰত এক বৃহৎ লবী জড়িত হৈ আছে ।
কেন্দ্রৰ চৰকাৰে সকলো দিশ বিচাৰ কৰি এই নীতি প্রস্তুত কৰা বুলি এটর্নি জেনেৰেলে আদালতক অৱগত কৰে। ইয়াৰ পাছতে পিআইএল নাকচ কৰিলে সর্বোচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে।






























