PM Modi:✒️ভোট প্ৰচাৰত ‘মোৰ মৃত মাক অপমান !’ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে নিৰ্বাচনী প্ৰচাৰৰ সময়ত বিহাৰৰ কংগ্ৰেছ, আৰজেডিকে ধৰি বিৰোধী দলক এই ভাষাত সমালোচনা কৰে।
নিৰ্বাচনী প্ৰচাৰৰ নামত এই নিম্নৰুচিৰ কাম আচলতে দেশৰ প্ৰতিগৰাকী মাতৃ-ভগ্নীৰ অপমান বুলি কয় প্ৰধানমন্ত্ৰীগৰাকীয়ে।
বিহাৰৰ মহিলা উদ্যোগীসকলক সহজ ঋণ প্ৰদানৰ বাবে ৰাজ্য জীৱিকা নিধি সখী সখাৰী সংঘ লিমিটেড আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে।
আজি প্ৰকল্পটো উদ্বোধনী অনুষ্ঠানত বিৰোধী দলক আক্ৰমণ কৰে মোদীয়ে। ভাষণত তেওঁ কয়,”বিহাৰত আৰজেডি-কংগ্ৰেছৰ মঞ্চৰ পৰা মোৰ মাৰ বিৰুদ্ধে অপভাষা ব্যৱহাৰ কৰা হৈছিল। এইদৰে কেৱল মাকক অপমান কৰাই নহয়, ভাৰতৰ প্ৰতিগৰাকী মাতৃ-ভগ্নীক অপমান কৰা হৈছে। মই জানো, আপুনিও মোৰ দৰে কষ্ট পাইছে।”






























