India-Russia Relation:✒️ভাৰত আৰু ৰাছিয়াৰ মাজত ঐতিহাসিক সম্পৰ্কত কোনো প্ৰভাৱ পৰা নাই বুলি শেহতীয়াকৈ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে স্পষ্ট কৰি দিছে। এইবাৰ তেওঁৰ কথাত যেন ছিল মোহৰ মাৰিছে।
ভাৰত আৰু ৰাছিয়াই দীৰ্ঘদিনীয়া সামৰিক সম্পৰ্ক আৰু অধিক শক্তিশালী কৰিবলৈ সাজু হৈছে। ৰাছিয়াৰ চৰকাৰী সংবাদ সংস্থা TASS ৰ মতে, ভাৰতে ইতিমধ্যে ৰাছিয়াৰ পৰা অধিক অত্যাধুনিক এছ-৪০০ (পৃষ্ঠৰ পৰা বায়ুলৈ) ক্ষেপণাস্ত্ৰ ক্ৰয়ৰ বাবে আলোচনা আৰম্ভ কৰিছে।
ৰাছিয়াৰ ফেডাৰেল চাৰ্ভিচ ফৰ মিলিটাৰী-টেকনিকেল ক’অপাৰেশ্যনৰ মুৰব্বী দিমিত্ৰী শ্বুগায়েভে এই খবৰ নিশ্চিত কৰিছে। ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছাৰ্গেই লাভৰভে বুধবাৰে জনাইছে যে আমেৰিকাৰ হেঁচাত ভাৰতে ৰাছিয়াৰ পৰা সামগ্ৰী ক্ৰয় কৰা বন্ধ কৰা নাই।
ভাৰতৰ এই সিদ্ধান্তক প্ৰশংসা কৰিছে মস্কোৱে।ৰাছিয়া আৰু ভাৰত দীৰ্ঘদিন ধৰি কৌশলগত অংশীদাৰ হৈ আহিছে। দুয়োখন দেশে একেলগে কেবাটাও প্ৰতিৰক্ষা প্ৰকল্পত কাম কৰিছে।
ইয়াৰ ভিতৰত উল্লেখযোগ্য হ’ল টি-৯০ টেংক আৰু ছু-৩০ এমকেআই যুঁজাৰু বিমান, মিগ-২৯ আৰু কাম’ভ হেলিকপ্টাৰ যোগান। তদুপৰি ভাৰতে এ কে ২০৩ ৰাইফল আৰু ব্রহ্মোছ ক্ষেপণাস্ত্ৰ উৎপাদন কৰে।
সামৰিক বিশেষজ্ঞসকলৰ মতে এছ-৪০০ ক্ষেপণাস্ত্ৰই ভাৰতৰ প্ৰতিৰক্ষা ব্যৱস্থাত গেম চেঞ্জাৰ হিচাপে প্ৰমাণিত হৈছে। শেহতীয়াকৈ অপাৰেচন সিন্দুৰৰ সময়ত ভাৰতীয় সেনাই পাকিস্তানৰ বিৰুদ্ধে প্রত্যাক্রমণ আৰম্ভ কৰিছিল৷
সেই সময়ত এছ-৪০০ এয়াৰ ডিফেন্স চিষ্টেমে মধ্য আকাশত থকা কেবাখনো পাকিস্তানী ড্ৰ’ন আৰু মিছাইল ধ্বংস কৰিছিল। জনা যায় যে বৰ্তমান ৰাছিয়াই ভাৰতৰ শীৰ্ষ অস্ত্ৰ যোগানকাৰী হিচাপে নিজৰ স্থান অক্ষুণ্ণ ৰাখিছে।
ষ্টকহোম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠান (SIPRI)ৰ তথ্য অনুসৰি ২০২০ৰ পৰা ২০২৪ চনৰ ভিতৰত ভাৰতৰ মুঠ অস্ত্ৰ আমদানিৰ ৩৬ শতাংশই ৰাছিয়াৰ পৰা আমদানি কৰা হৈছে।
ফ্ৰান্স আৰু ইজৰাইলৰ পৰা অস্ত্ৰ ক্ৰয় বৃদ্ধি হোৱাৰ পাছতো ভাৰতৰ বাবে ৰাছিয়াৰ গুৰুত্ব অপৰিসীম হৈয়ে আছে।





























