Donald Trump:✒️ভাৰতীয় সামগ্ৰীৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰিছে আমেৰিকাই। ইয়াৰ বাবে ভাৰতৰ দেশীয় বজাৰখনত বৃহৎ লোকচানৰ সন্মুখীন হোৱাৰ লগতে একাধিক সামগ্ৰীৰ বজাৰ ক্ষতিগ্ৰস্ত হোৱাৰ পথত ।
এই পৰিস্থিতিৰ স’তে মোকাবিলা কৰিবলৈ কেন্দ্ৰটোৱে নতুন পেকেজৰ কথা চিন্তা কৰিছে।সূত্ৰ অনুসৰি এই পেকেজ হ’ব এই শুল্কৰ প্ৰভাৱত প্ৰভাৱিত হ’ব পৰা ব্যৱসায়ীসকলৰ বাবে।
Covid মহামাৰীৰ সময়ত কেন্দ্ৰটোৱেও একেধৰণৰ পেকেজ ঘোষণা কৰিছিল। তথ্য অনুসৰি,শুল্ক যুদ্ধৰ বাবে দেশৰ কেবাখনো ডাঙৰ চহৰত বস্ত্ৰ উৎপাদন কাৰ্যতঃ বন্ধ হৈ পৰিছে।
ফেডাৰেচন অৱ ইণ্ডিয়ান এক্সপ’ৰ্ট অৰ্গেনাইজেশ্যনৰ সভাপতি এছ চি ৰালহানে কয়,”বৃহৎ শুল্ক আৰোপ কৰাৰ বাবে তিৰুপপুৰ, নয়ডা আৰু চুৰাটৰ বস্ত্ৰ নিৰ্মাণ কোম্পানীসমূহে উৎপাদন বন্ধ কৰি দিছে।উচ্চ শুল্কৰ বাবে তেওঁলোক ভিয়েটনাম আৰু বাংলাদেশৰ দৰে প্ৰতিযোগীৰ পৰা বহু পিছ পৰি আছে।”
সেয়ে বস্ত্ৰ শিল্পী আৰু ব্যৱসায়ীক বচাবলৈ নতুন উপায় বিচাৰিছে কেন্দ্ৰটোৱে।
চৰকাৰী অধিকাৰীৰ সূত্ৰৰ মতে, বস্ত্ৰশিল্পৰ উপৰিও চামৰা, জোতা, ৰাসায়নিক পদাৰ্থ, আৰু কৃষিজাত সামগ্ৰীৰ ব্যৱসায়ীসকলক প্ৰতি লক্ষ্য ৰাখি নতুন পেকেজটোৰ পৰিকল্পনা কৰা হৈছে।
এই পেকেজে মূলতঃ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে ঋণৰ সহজ সুবিধা প্ৰদান কৰিব যাতে তেওঁলোকে নিজৰ ব্যৱসায় অব্যাহত ৰাখিব পাৰে।
মন কৰিবলগীয়া যে Covid মহামাৰীৰ সময়ত কেন্দ্ৰই ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ বাবে ২০ লাখ কোটি টকাৰ পেকেজ ঘোষণা কৰিছিল।
জি এছ টিৰ নতুন গাঁথনি ঘোষণা কৰাৰ পাছত এতিয়া কেন্দ্রই ব্যৱসায়ীসকলৰ সমস্যা সমাধানৰ বাবে নতুন পেকেজ অনাৰ চেষ্টা চলাইছে৷
মন কৰিবলগীয়া যে শুল্ক বিফল কৰিবলৈ বস্ত্ৰ আৰু ৰত্ন ৰপ্তানিৰ বাবে বিকল্প বজাৰ বিচৰা হৈছে।
বাণিজ্য মন্ত্ৰালয়ে নতুন বজাৰৰ সন্ধানত কমেও ৪০খন দেশত নিজৰ প্ৰডাক্ট পৰ্টফলিঅ’ প্ৰদৰ্শন কৰিবলৈ ওলাইছে।
এই তালিকাত ব্ৰিটেইন, জাপান, দক্ষিণ কোৰিয়া, জাৰ্মানী, ফ্ৰান্স, ইটালী, স্পেইন, নেদাৰলেণ্ড আদি দেশ অন্তৰ্ভুক্ত আছে।
ভাৰতে মেক্সিকো, পোলেণ্ড, ৰাছিয়াৰ দৰে দেশৰ বজাৰকো যথেষ্ট সম্ভৱাময় বুলি গণ্য কৰে। ইয়াৰ উপৰিও বেলজিয়াম, কানাডা, সংযুক্ত আৰব আমিৰশ্বাহী, অষ্ট্ৰেলিয়া আদি দেশৰ কথাও বিবেচনা কৰা হৈছে। এইবাৰ কেন্দ্ৰটোৱে ব্যৱসায়ীৰো বিবেচনা কৰিছে।






























