ADR:✒️ দেশৰ ৩০২ জন মন্ত্রীয়ে অর্থাৎ মুঠ মন্ত্রী ৪৭ শতাংশই নিজৰ বিৰুদ্ধে অপৰাধৰ গোচৰ আছে বুলি শপতনামাত উল্লেখ কৰিছে। ইয়াৰে ১৭৪ জন মন্ত্রীৰ বিৰুদ্ধে আছে হত্যা, অপহৰণ আৰু মহিলাৰ বিৰুদ্ধে সংঘটিত কৰা অপৰাধৰ অভিযোগ।
কেন্দ্ৰৰ চৰকাৰৰ ৭২ মন্ত্ৰীৰ ২৯ জনে অর্থাৎ ৪০ শতাংশই নিজৰ বিৰুদ্ধে অপৰাধৰ অভিযোগ থকাৰ কথা স্বীকাৰ কৰিছে। এছ’চিয়েচন ফ’ৰ ডেম’ক্রেটিক বিফর্মছ (এডিআব) ব প্রতিবেদনত এই তথ্য প্রকাশ পালে।
এডিআৰে দেশৰ ২৭ ৰাজ্য, তিনি কেন্দ্রীয় শাসিত প্রদেশ আৰু কেন্দ্রীয় চৰকাৰৰ মুঠ ৬৪৩ মন্ত্রীৰ শপতনামা বিশ্লেষণ কৰি এই তথ্য সদৰী কৰিলে। ২০২০-২৫ব সময়ছোৱাত অনুষ্ঠিত নির্বাচনত দাখিল কৰা শপতনামাৰ তথ্য বিশ্লেষণবে এডিআৰে এই প্রতিবেদন যুগুত কৰিছে।
তথ্য অনুসৰি, বিজেপিৰ ৩৩৬ মন্ত্রীৰ ১৩৬ অর্থাৎ ৪০ শতাংশ মন্ত্ৰীৰ বিৰুদ্ধে অপৰাধৰ গোচৰ আছে। বিজেপিৰ ৮৮ জন অর্থাৎ ২৬ শতাংশ মন্ত্রীৰ বিৰুদ্ধে অপৰাধৰ গুৰুতৰ অভিযোগ আছে। কংগ্ৰেছৰ ৬১ মন্ত্রীৰ ৪৫ জন অর্থাৎ ৭৪ শতাংশৰ বিৰুদ্ধে অপৰাধৰ গোচৰ আৰু ১৮ জন অর্থাৎ ৩০ শতাংশৰ বিৰুদ্ধে গুৰুতৰ অপৰাধৰ গোচৰ আছে।
ডিএমকেৰ ৩১ মন্ত্রীৰ ২৭ জন অর্থাৎ ৮৭ শতাংশ বিৰুদ্ধে অপৰাধক গোচৰ আৰু ১৪ জন অর্থাৎ ৪৫ শতাংশৰ বিৰুদ্ধে গুৰুতৰ অপৰাধ গোচৰ আছে। তৃণমূল কংগ্রেছৰ ৪০ মন্ত্রীব ১৩ জন অর্থাৎ ৩৩ শতাংশৰ বিৰুদ্ধে অপৰাধৰ গোচৰ আৰু ১৩ জন অর্থাৎ ৫৭ শতাংশৰ বিৰুদ্ধে গুৰুতৰ অপৰাধৰ গোচৰ আছে।
টিডিপিৰ ২৩ মন্ত্রীৰ ২২ জন অর্থাৎ ৯৬ শতাংশৰ বিৰুদ্ধে অপৰাধৰ গোচৰ আৰু ১৩ জন অর্থাৎ ৫৭ শতাংশৰ বিৰুদ্ধে গুৰুতৰ অপৰাধৰ গোচৰ আছে। আম আদমী পার্টিব ১৬ মন্ত্রীৰ ১১ জন অর্থাৎ ৬৯ শতাংশৰ বিরুদ্ধে অপৰাধৰ গোচৰ আৰু পাঁচজন অর্থাৎ ৩১ শতাংশৰ বিৰুদ্ধে গুৰুতৰ অপৰাধৰ গোচৰ আছে।
অন্ধ্র প্রদেশ, তামিলনাডু, বিহাৰ, ওড়িছা, মহাৰাষ্ট্ৰ, কর্ণাটক, পঞ্জাৱ, তেলেংগানা, হিমাচল প্রদেশ, দিল্লী আৰু পুডুচেৰীৰ ৬০ শতাংশৰো অধিক মন্ত্ৰীৰ বিৰুদ্ধে অপৰাধৰ নানা গোচৰ আছে। হাৰিয়ানা, জম্মু-কাশ্মীৰ, নগালেণ্ড আৰু উত্তৰাখণ্ডত কোনো মন্ত্ৰীৰ বিৰুদ্ধে অপৰাধৰ গোচৰ নাই।
দেশৰ ৬৪৩ মন্ত্ৰীৰ মুঠ সম্পত্তিৰ পৰিমাণ ২৩,৯২৯ কোটি টকা। গড় হিচাপত প্রতি মন্ত্ৰীৰ সম্পত্তিৰ পৰিমাণ হৈছে ৩৭.২১ কোটি টকা। ৩০ বিধানসভাৰ ১১ বিধানসভাত অর্বুদপতি মন্ত্রী আছে।
কৰ্ণাটকত সর্বাধিক আঠজন অর্বুদপতি মন্ত্রী আছে। অন্ধ্র প্রদেশত ছয় আৰু মহাৰাষ্ট্ৰত চাৰিজন মন্ত্ৰী অর্বুদপতি। কেন্দ্ৰৰ চৰকাৰত ৭২ মন্ত্ৰীৰ ছজন অর্বুদপতি। বিজেপিৰ ১৪ মন্ত্রী, কংগ্ৰেছৰ ১১ মন্ত্ৰী, টিডিপিৰ ছয় মন্ত্ৰী, আম আদমী মন্ত্ৰীৰ এজন, জনসেনা পাৰ্টিৰ এজন, জেডিএছৰ এজন, এনচিপিৰ এজন আৰু শিৱসেনাৰ এজন মন্ত্রী অর্বুদপতি।
দেশৰ মুঠ ৫১২ মহিলা সাংসদ আৰু বিধায়কৰ ১৪৩ অর্থাৎ ২৮ শতাংশৰ বিৰুদ্ধে অপৰাধৰ গোচৰ আছে। ইয়াৰে ৭৮ গৰাকী অৰ্থাৎ ১৫ শতাংশ মহিলাৰ বিৰুদ্ধে আছে হত্যা, অপহৰণৰ দৰে গুৰুতৰ অপৰাধৰ অভিযোগ। ১৭গৰাকী মহিলা নেত্ৰীয়ে শপতনামাত নিজৰ সম্পত্তিৰ পৰিমাণ এশ কোটি টকাতকৈ অধিক বুলি উল্লেখ কৰিছে।
