ICC Women’s Cricket World Cup 2025:✒️উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম প্রধান চহৰ গুৱাহাটীত প্ৰথমবাৰলৈ অনুষ্ঠিত হ’বলগীয়া আইচিচি মহিলা বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানত সংগীত পৰিৱেশন কৰিব দেশৰ তাৰকা কণ্ঠশিল্পী শ্রেয়া ঘোষালে।
শুকুৰবাৰে সামাজিক মাধ্যমৰ জৰিয়তে এই কথা সদৰী কৰিছে আন্তর্জাতিক ক্রিকেট পৰিষদ চমুকৈ আইচিচি-এ। উল্লেখ্য যে অহা ৩০ ছেপ্টেম্বৰত বর্ষাপাৰাৰ ষ্টেডিয়ামত ভাৰত আৰু শ্রীলংকাৰ মাজত অনুষ্ঠিত হ’ব আইচিচি মহিলা বিশ্বকাপৰ উদ্বোধনী খেলখন।
আইচিচিয়ে সদৰী কৰিছে যে এই বর্ণাঢ্য উদ্বোধনী অনুষ্ঠানত শ্রেয়া ঘোষালে সংগীত পৰিৱেশন কৰিব। এই প্রতিযোগিতাৰ বাবে ইতিমধ্যে বাণীবদ্ধ কৰা গীত ‘ব্রিং ইট হোম’ তেওঁ পৰিৱেশন কৰিব।
বিশ্ব দৰবাৰত মহিলা ক্রিকেটৰ শক্তি, উৎসাহ আৰু ঐক্যৰ বাবে এই গীত পৰিৱেশন কৰিব তাৰকা কণ্ঠশিল্পীগৰাকীয়ে। উল্লেখ্য যে দেশৰ চাৰিখন চহৰৰ লগতে শ্রীলংকাৰ কলম্বোত এই প্রতিযোগিতা আয়োজন কৰা হৈছে।
ইতিমধ্যে আন্তর্জাতিক ক্রিকেট পৰিষদে টিকট বিক্রী মুকলি কৰিছে। লগতে আইচিচিয়ে গুৱাহাটীত আয়োজিত এই উদ্বোধনী অনুষ্ঠান বর্ণময় আৰু সাংস্কৃতিক তথা সংগীতৰ উৎসৱ হ’ব বুলি সদৰী কৰিছে। উল্লেখ্য যে আইচিচি মহিলা ক্রিকেট বিশ্বকাপ ১২ বছৰ পাছত ভাৰতত অনুষ্ঠিত হ’ব।






























