Manipur:✒️ভাৰত-ম্যানমাৰ সীমান্তত কাঁইটীয়া তাঁৰৰ বেৰৰ ওপৰত আপত্তি জনাই কেন্দ্ৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে মণিপুৰৰ নগা কাউন্সিলে । ‘বাণিজ্য নিষেধাজ্ঞা’ৰ আহ্বান জনাই অৱৰোধ কৰা হয় মণিপুৰৰ মাজেৰে পাৰ হৈ যোৱা দুটা ৰাষ্ট্ৰীয় ঘাইপথ ।
নগা আদিবাসীৰ অৱৰোধৰ বাবে বুধবাৰে পুৱাৰে পৰা সামগ্ৰী কঢ়িওৱা ট্ৰাকসমূহ বন্ধ কৰি দিয়া হৈছে। ১৩ ছেপ্টেম্বৰত মণিপুৰ ভ্ৰমণলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।তাৰ পূৰ্বে এই ঘটনাক নতুনকৈ অশান্তিৰ আশংকা কৰা হৈছে ।
দুবছৰৰো অধিক সময় ধৰি মণিপুৰ কুকি আৰু মেইটেই জনগোষ্ঠীৰ মাজত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে। শেহতীয়াকৈ সেই জুই কমিছে যদিও সম্পূৰ্ণৰূপে শেষ হোৱা নাই ।
এই হিংসাৰ উচটনি দিবলৈ ম্যানমাৰৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ যোগান ধৰাৰ অভিযোগ উত্থাপন হৈছিল। তেতিয়াই ভাৰত আৰু ম্যানমাৰৰ ১৬৪৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ মুকলি সীমান্তত বেৰ বা কাঁইটীয়া তাঁৰ লগোৱাৰ সিদ্ধান্ত লোৱা হয়। যাৰ কাম ইতিমধ্যে আৰম্ভ হৈছে।
ইয়াৰ ফলত নগা সমাজৰ সমস্যা বাঢ়িছে। নিয়ম অনুসৰি ভাৰত-ম্যানমাৰ সীমান্তৰ পৰা ১৪ কিলোমিটাৰ পৰ্যন্ত স্থানীয় লোকে মুক্তভাৱে যাত্ৰা কৰিব পাৰে।
সীমান্তত বেৰ দিয়া হ’লে পূৰ্বৰ দৰে মুক্ত চলাচলত বাধা আহিব বুলি নগাসকলে আশংকা কৰিছে।
যিটো মণিপুৰ, নাগালেণ্ড, অৰুণাচল প্ৰদেশ আৰু ম্যানমাৰত বসবাস কৰা নগা সম্প্ৰদায়ৰ সংস্কৃতিৰ ওপৰত প্ৰত্যক্ষ আঘাত।
প্ৰাপ্ত তথ্য অনুসৰি, ২৬ আগষ্টত এই বিষয়ত নগা পৰিষদে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ স’তে বৈঠকত মিলিত হৈছিল যদিও তেওঁলোকৰ দাবী মানি লোৱা নহ’ল।প্ৰতিবাদত নগাসকলে পথ অৱৰোধ কৰে।
মন কৰিবলগীয়া যে অৱৰোধ কৰা পথ দুটা হৈছে ৰাষ্ট্ৰীয় ঘাইপথ ২ আৰু ৩৭, যিবোৰ মণিপুৰকে ধৰি সমগ্ৰ পূব অঞ্চলৰ বাবে অতি গুৰুত্বপূৰ্ণ। ৰাষ্ট্ৰীয় ঘাইপথ ২ নাগালেণ্ডৰ ডিমাপুৰ হৈ মণিপুৰৰ ৰাজধানী ইম্ফললৈ যায়।
মণিপুৰ, নাগালেণ্ড আৰু মিজোৰামৰ যোগাযোগৰ বাবে এই পথটো গুৰুত্বপূৰ্ণ। অৱৰোধৰ বাবে মণিপুৰলৈ খাদ্য, ঔষধকে ধৰি সকলো ধৰণৰ সামগ্ৰীৰ যোগান বন্ধ হৈ পৰিছে।
আনহাতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটোৱে অসমৰ বদৰপুৰ হৈ ইম্ফলক সংযোগ কৰে।যাতায়ত আৰু বাণিজ্যৰ বাবে দুয়োটা পথ অতি গুৰুত্বপূৰ্ণ।
