france:✒️অশান্ত হৈ পৰিছে ফ্ৰান্স। বুধবাৰে পুৱাৰে পৰা পেৰিছকে ধৰি দেশৰ বিভিন্ন চহৰত অশান্তি বিয়পি পৰিছে। ৰাজপথলৈ ওলাই আহিল শ শ প্ৰতিবাদকাৰী। তেওঁলোকৰ প্ৰশ্ন,কিয় চেবাষ্টিয়ান লেকর্নুৰক ফ্ৰান্সৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে বাছি লৈছে দেশখনৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে ।
অশান্তি ৰোধ কৰিবলৈ আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰিবলগীয়া হৈছে। আৰক্ষীৰ ওপৰতো ওলোটাই ইটা নিক্ষেপ কৰা হয়। পৰিস্থিতি ক্ৰমান্বয়ে উত্তপ্ত হৈ পৰিছে।
সংবাদ সংস্থা এ পিৰ তথ্য অনুসৰি পুৱাৰ পৰা কমেও ২০০ জন প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।বুধবাৰে প্ৰতিবাদকাৰীসকলে ৰাজপথলৈ ওলাই আহি “সকলো অৱৰোধ কৰাৰ” দাবী কৰে।অনলাইনযোগে এই প্ৰতিবাদৰ আহ্বান জনোৱা হয়।
অৱশ্যে আন্দোলনৰ কোনো নেতৃত্ব প্রকাশ্যেত অহা নাই । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অতিৰিক্ত বাহিনী মোতায়েন কৰা হয়।প্ৰতিবাদকাৰীক বাধা দিবলৈ পথৰ বিভিন্ন স্থানত বেৰিকেড স্থাপন কৰা হয়।
যদিও আৰক্ষীৰ এই কাৰ্যই প্ৰতিবাদ দমন কৰাত সহায় কৰা নাছিল।সমগ্ৰ ফ্ৰান্সতে বাছত জুই জ্বলোৱাৰ পৰা আৰম্ভ কৰি ৰেলৰ বিদ্যুৎ কৰ্তনলৈকে কাণ্ড সংঘটিত হৈছে, স্বৰাজ মন্ত্ৰী ব্ৰুনো ৰিটেইল’ই প্ৰতিবাদকাৰীসকলক “বিদ্ৰোহৰ পৰিৱেশ” সৃষ্টি কৰিবলৈ চেষ্টা কৰা বুলি অভিযোগ কৰিছে।






























