Chief Judge of Supreme Court:
উচ্চতম ন্যায়ালয়ৰ শুনানি কালত উচ্চাৰিত হ’ল দুই চুবুৰীয়া ৰাষ্ট্ৰৰ পৰিস্থিতিৰ কথা। নেপালৰ হিংসাত্মক প্রতিবাদ আৰু বিগত বৰ্ষৰ জুলাইত বাংলাদেশত হোৱা অনুৰূপ পৰিস্থিতিৰ কথা উল্লেখ কৰিলে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাই আৰু বি আৰ নাথে। ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মু আৰু ৰাজ্যপালসকলক বিভিন্ন বিধেয়কত সন্মতি প্ৰকাশৰ বাবে উচ্চতম ন্যায়ালয়ে যোৱা ১২ এপ্ৰিলত এক নির্দেশযোগে দিয়া চূড়ান্ত সময়সীমা সম্পর্কীয় বিষয়ত ৰাষ্ট্ৰপতি মুর্মুৱে পৰামৰ্শ বিচাৰিছে।
এই বিষয়টোক লৈ মুখ্য ন্যায়াধীশৰ নেতৃত্বাধীন বিচাৰপীঠে বুধবাৰে শুনানিৰ এটা সময়ত মুখ্য ন্যায়াধীশ গাভাইয়ে ভাৰতৰ সংবিধানৰ বিষয় উত্থাপন কৰি কয়, ‘আমি আমাৰ সংবিধানক লৈ গর্বিত। চাওক আমাৰ চুবুৰীয়া ৰাষ্ট্ৰসমূহত কি হৈছে।
আমি নেপালৰ ঘটনা দেখিলো।’ তেতিয়া ন্যায়াধীশ বিক্রম নাথে কয়, ‘হয়, বাংলাদেশৰ ঘটনা দেখিলো। বিগত বর্ষত ছাত্র আন্দোলনৰ ভয়াৱহ ৰূপত সেও মানি প্রধানমন্ত্রী শ্বেইখ হাছিনাই দেশ এৰি পলায়ন কৰিবলগীয়া হৈছিল। ক্ষুব্ধ প্রতিবাদকাৰীয়ে হাছিনাৰ চৰকাৰী আৱাসত প্ৰৱেশ কৰি লণ্ডভণ্ড কৰাৰ দৃশ্য ভিডিঅ’যোগে ব্যাপক প্ৰচাৰিত হৈছিল। এই হিংসাত্মক প্রতিবাদত কমেও এশৰো অধিক লোকৰ মৃত্যু হয়। নেপালতো বিগত তিনিদিন ধৰি অব্যাহত থকা হিংসাত্মক প্রতিবাদত প্রধানমন্ত্রী কে পি শর্মা অ’লিয়ে পদত্যাগ কৰিবলৈ বাধ্য হয়।
তুমুল গণ বিক্ষোভত নেতা-মন্ত্ৰীসকলৰ বাসগৃহত অগ্নিসংযোগ কৰা হয়। তদুপৰি সংসদ ভৱনতো অগ্নিসংযোগ কৰা হয়। উল্লেখ্য যে বিগত এপ্রিলত তামিলনাডু চৰকাৰৰ এক গোচৰত কোনো বিধেয়কত সন্মতি প্ৰদানৰ বাবে ৰাষ্ট্ৰপতিক তিনিমাহৰ সময়সীমা বান্ধি দিয়ে উচ্চতম ন্যায়ালয়ে। এই নির্দেশক লৈ তদানীন্তন উপ-ৰাষ্ট্ৰপতিসহ বিভিন্নজনে আপত্তি দর্শায়। এই বিষয়ত সর্বোচ্চ ন্যায়ালয়ৰ পৰামৰ্শ বিচাৰিছিল। এই বিষয়ৰে শুনানি কালত দেশৰ সংবিধানৰ গৰিমা ব্যাখ্যা কৰি নেপাল আৰু বাংলাদেশৰ প্ৰসংগ উল্লেখ কৰে দুই ন্যায়াধীশে।






























