Kulman Ghiching will lead Nepal’s interim government:
হিমালয়ান দেশ নেপালত চলি থকা ৰাজনৈতিক অস্থিৰতা আৰু জেনেৰেচন-জেডৰ হিংসাত্মক প্ৰতিবাদৰ মাজতে ওলাইছে ডাঙৰ খবৰ। এতিয়া নেপালত অন্তৱৰ্তীকালীন চৰকাৰৰ নেতৃত্বৰ দৌৰত অভিযন্তা কুলমান ঘিছিং। ইয়াৰ পূৰ্বে জেনেৰেল জেডে প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কীৰ নাম প্ৰস্তাৱ কৰিছিল যদিও আভ্যন্তৰীণ বিৰোধিতাৰ বাবে নাকচ কৰা হয়। সংবিধান অনুসৰি প্ৰাক্তন মুখ্য ন্যায়াধীশ আৰু ন্যায়াধীশসকলক এই পদৰ বাবে যোগ্য বুলি গণ্য কৰা নহয় বুলি প্ৰেছ বিজ্ঞপ্তিটোত উল্লেখ কৰা হৈছে।
উল্লেখ্য যে কাঠমাণ্ডুৰ মেয়ৰ বলেন শ্বাহ আৰু প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশিলা কাৰ্কি দুয়োজনেই একাষৰীয়া হোৱাৰ পিছত নেপালৰ অন্তৱৰ্তীকালীন চৰকাৰৰ নেতৃত্বৰ বাবে নেপাল বিদ্যুৎ প্ৰাধিকৰণৰ মুৰব্বী অভিযন্তা কুলমান ঘিছিঙৰ ওপৰত ন্যস্ত কৰা হৈছে। দেশজোৰা প্ৰতিবাদক এক সৌহাৰ্দ্যপূৰ্ণ পৰিবেশত অন্ত পেলোৱাত অগ্ৰণী ভূমিকা লোৱা ঘিছিঙক এগৰাকী স্বচ্ছ ভাবমূর্তি ব্যক্তি বুলি নেপালত সমীহ কৰে সৰ্বস্তৰৰ লোকে ৷ দেশৰ নতুন নিৰ্বাচন অনুষ্ঠিত নোহোৱালৈকে দেশখনক পৰিচালিত কৰিব কুলমান ঘিছিঙে ৷
জেন জেডৰ এই ঘোষণা নেপালৰ দুৰ্নীতি বিৰোধী আৰু সুশাসন আন্দোলনৰ অংশ হিচাপে, যিয়ে বৃহস্পতিবাৰে জাতিটোক ৰাজনৈতিক পৰিৱৰ্তনৰ মাজেৰে পথ প্ৰদৰ্শন কৰিবলৈ অন্তৱৰ্তীকালীন পৰিষদ গঠন কৰাৰ সিদ্ধান্তৰ সৈতে “অভূতপূৰ্ব সফলতা”ক প্ৰশংসা কৰে।
প্ৰথম অৱস্থাত পৰিষদৰ নেতৃত্বৰ বাবে আটাইতকৈ গ্ৰহণযোগ্য প্ৰাৰ্থী হিচাপে দেখা পোৱা বলেন শ্বাহক প্ৰক্ষেপ কৰা হৈছিল যদিও তেওঁ অন্তৱৰ্তীকালীন চৰকাৰৰ নেতৃত্ব ল’বলৈ ৰাজহুৱাভাৱে অস্বীকাৰ কৰে।
আনহাতে শক্তিশালী সমৰ্থন লাভ কৰা সুশীলা কাৰ্কীয়ে সাংবিধানিক আৰু আইনী বাধাৰ লগতে নিজৰ অনিচ্ছাৰ কথা উল্লেখ কৰি প্ৰাৰ্থীত্ব প্ৰত্যাহাৰ কৰে। ৭০ বছৰৰ ওপৰৰ বয়সত তেওঁক অতিৰিক্তভাৱে নেতৃত্বত জেন জেডক প্ৰতিনিধিত্ব কৰিব নোৱাৰা বুলি গণ্য কৰা হৈছিল।
দেশৰ এনে সংকটকালীন ক্ষণত অন্তৱৰ্তীকালীন চৰকাৰৰ নেতৃত্ব দিবলৈ দেশপ্ৰেমিক তথা সকলোৰে প্ৰিয় অভিযন্তা কুলমান ঘিছিংক নামটো সৰ্বজন গৃহিত হিচাপে গ্ৰহণ কৰিবলৈ সেনা সহ দেশবাসীলৈ আহ্বান জনাই জেন জেড গ্ৰুপে ৷
নেপালী সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি জেন-জেড যুৱকৰ এটা দলে সেনা মুখ্য কাৰ্যালয়ত উপস্থিত হৈ অন্তৱৰ্তীকালীন চৰকাৰ গঠন সন্দৰ্ভত চলি থকা আলোচনাত অন্তৰ্ভুক্ত হ’বলৈ অনুৰোধ জনাইছে। একেদৰে নেপালী সেনাৰ মুৰব্বী জেনেৰেল অশোক ৰাজ ছিগডেলে বুধবাৰে গুৰুত্বপূৰ্ণ ব্যক্তি আৰু “জেন জেডৰ প্ৰতিনিধি”ৰ সৈতে এক আলোচনাত মিলিত হৈছিল ৷
আনহাতে নেপালৰ স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি কাঠমাণ্ডু উপত্যকাত চলি থকা জেন জেড প্ৰতিবাদত মৃত্যু হোৱা লোকৰ সংখ্যা ৩৪ লৈ বৃদ্ধি পাইছে। উল্লেখ্য যে,নেপালত ছাত্র-যুৱ আন্দোলনৰ চাপত পৰি মঙলবাৰে প্রধানমন্ত্রী কে পি শর্মা অলিয়ে পদত্যাগ কৰি আত্মগোপন কৰে। তাৰ পিছৰে পৰা দেশৰ প্ৰশাসনৰ দায়িত্ব আওপকীয়াকৈ গ্ৰহণ কৰে সেনাই ৷






























