Police Torture In Golokganj: গোলোকগঞ্জত আক্ৰাছুৰ জোঁৰ সমদলকাৰীক ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে কঠোৰ দিছপুৰ

গোলোকগঞ্জত উপস্থিত হৈ আহত আক্ৰাছু কৰ্মীৰ সৈতে মতবিনিময় মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, খিলঞ্জীয়া কোচ ৰাজবংশীক প্ৰহাৰ কৰা আৰক্ষী বিষয়াক নিলম্বন,তদন্তৰ আওতালৈ অনাৰ ইংগিত এছএছপি লীনা দলৈক 

suspension

Police Torture In Golokganj:

জনজাতিকৰণৰ দাবীত বুধবাৰে সন্ধিয়া গোলোকগঞ্জত সদৌ কোঁচ ৰাজবংশী ছাত্ৰ সন্থাই উলিওৱা জোঁৰ সমদলকাৰীৰ ওপৰত নিৰ্যাতন চলোৱা আৰক্ষীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ দিছপুৰৰ ৷
তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ গোলকগঞ্জ থানাৰ অ’চি দেৱজিৎ কলিতাক নিলম্বন কৰি ৰিজার্ভ ক্ল’জৰ বিপৰীতে গৌৰীপুৰ থানাৰ অ’চি চিৰঞ্জীৱ লাহনক ৰিজাৰ্ভ ক্ল’জ কৰে ৷ ইতিমধ্যে ৰাজ্য চৰকাৰে ঘটনাৰ তদন্তৰ ঘোষণা কৰি তদন্তৰ আওতালৈ অনাৰ ইংগিত এছএছ পি লীনা দলৈক ৷

আনহাতে এনে ঘটনাক্ৰমৰ মাজতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি আজি গোলোকগঞ্জত উপস্থিত হয়
মন্ত্ৰী জয়ন্তমল্ল বৰুৱা ৷ মন্ত্ৰী গৰাকীয়ে চিকিৎসালয়ত চিকিৎসাধীন আক্ৰাছুৰ কৰ্মকৰ্তাৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে জিলা প্ৰশাসন ,আৰক্ষী ৰ উপস্থিতিত আক্ৰাছু নেতৃবৰ্গৰ স’তে এক আলোচনাত মিলিত হয় ৷ বুধবাৰৰ ঘটনাৰ জড়িত থকা আৰক্ষীক ৰেহাই দিয়া নহয় বুলি প্ৰকাশ কৰে মন্ত্ৰী বৰুৱাই ৷ সকলোকে শান্তি বৰ্তাই ৰাখিবলৈ মুকলি আহ্বান জনাই মন্ত্ৰী গৰাকীয়ে।

Exit mobile version