Police Torture In Golokganj:
জনজাতিকৰণৰ দাবীত বুধবাৰে সন্ধিয়া গোলোকগঞ্জত সদৌ কোঁচ ৰাজবংশী ছাত্ৰ সন্থাই উলিওৱা জোঁৰ সমদলকাৰীৰ ওপৰত নিৰ্যাতন চলোৱা আৰক্ষীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ দিছপুৰৰ ৷
তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ গোলকগঞ্জ থানাৰ অ’চি দেৱজিৎ কলিতাক নিলম্বন কৰি ৰিজার্ভ ক্ল’জৰ বিপৰীতে গৌৰীপুৰ থানাৰ অ’চি চিৰঞ্জীৱ লাহনক ৰিজাৰ্ভ ক্ল’জ কৰে ৷ ইতিমধ্যে ৰাজ্য চৰকাৰে ঘটনাৰ তদন্তৰ ঘোষণা কৰি তদন্তৰ আওতালৈ অনাৰ ইংগিত এছএছ পি লীনা দলৈক ৷
আনহাতে এনে ঘটনাক্ৰমৰ মাজতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি আজি গোলোকগঞ্জত উপস্থিত হয়
মন্ত্ৰী জয়ন্তমল্ল বৰুৱা ৷ মন্ত্ৰী গৰাকীয়ে চিকিৎসালয়ত চিকিৎসাধীন আক্ৰাছুৰ কৰ্মকৰ্তাৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে জিলা প্ৰশাসন ,আৰক্ষী ৰ উপস্থিতিত আক্ৰাছু নেতৃবৰ্গৰ স’তে এক আলোচনাত মিলিত হয় ৷ বুধবাৰৰ ঘটনাৰ জড়িত থকা আৰক্ষীক ৰেহাই দিয়া নহয় বুলি প্ৰকাশ কৰে মন্ত্ৰী বৰুৱাই ৷ সকলোকে শান্তি বৰ্তাই ৰাখিবলৈ মুকলি আহ্বান জনাই মন্ত্ৰী গৰাকীয়ে।






























