France:✒️শিশু আৰু কিশোৰ-কিশোৰীক সামাজিক মাধ্যমে ক্ষতি কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে। এইবাৰ ফ্ৰান্সৰ সংসদৰ এক সমিতিয়ে ১৫ অনূর্ধ্ব বয়সৰ লোকৰ বাবে দেশখনত সামাজিক মাধ্যম নিষিদ্ধ কৰাৰ দাবী উত্থাপন কৰিলে।
সাংসদৰ সমিতিখনে লগতে ১৫-১৮ বছৰ বয়সৰ লোকৰ বাবে নিশাৰ ভাগত ‘ডিজিটেল সান্ধ্য আইন’ৰ বলবৎ কৰাৰ দাবীও জনালে। সাংসদৰ সমিতিখনে অভিভাৱক, সামাজিক মাধ্যম বিশেষজ্ঞ আৰু প্ৰভাৱশালী ব্যক্তিৰ পৰামৰ্শৰ আধাৰত ফ্ৰান্সত ১৫ বছৰ অনূর্ধ্ব বয়সৰ লোকৰ বাবে সামাজিক মাধ্যমৰ ব্যৱহাৰ নিষিদ্ধ কৰাৰ দাবীৰে এই প্ৰতিবেদন প্রস্তুত কৰিলে।
উল্লেখ্য যে পূর্বে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ৱে শিশু আৰু কিশোৰৰ বাবে সামাজিক মাধ্যম নিষিদ্ধ কৰাৰ ইংগিত দিছিল। স্মর্তব্য যে অস্ট্রেলিয়াই ইতিমধ্যে ১৬ অনূর্ধ্ব বয়সৰ লোকৰ বাবে দেশখনত ইতিমধ্যে সামাজিক মাধ্যম নিষিদ্ধ কৰিলে।
অষ্ট্ৰেলিয়াৰ পাছত ফ্ৰান্সত এইবাৰ শিশু-কিশোৰৰ বাবে সামাজিক মাধ্যম নিষিদ্ধ কৰাৰ দাবী উত্থাপন হ’ল।






























