UP woman dies trying to escape Nepal hotel set on fire by protesters:
হিমালয়ান দেশ নেপালত সংঘটিত হিংসাত্মক ঘটনাত প্ৰাণ গ’ল এগৰাকী ভাৰতীয় মহিলাৰ ।কাঠমাণ্ডুস্থিত ঐতিহ্যমণ্ডিত পশুপতিনাথ মন্দিৰ দৰ্শনৰ বাবে ৭ ছেপ্টেম্বৰত উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ ৰামবীৰ সিং গোলা (৫৮) আৰু তেওঁৰ পত্নী ৰাজেশ গোলা উপস্থিত হয় কাঠমাণ্ডু ৷
গোলা দম্পতী নেপালত থকা অৱস্থাতে দেশখনৰ চৰকাৰে ছ’চিয়েল মেডিয়াৰ কে’বাটাও প্লেটফৰ্মত নিনিষেধাজ্ঞা জাৰি কৰে ৷ চৰকাৰৰ এই হথকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ৮ছেপ্তেম্বৰত তৰুণ প্ৰজন্মৰ ‘জেন জেডৰ নেতৃত্বত কাঠমাণ্ডুত ব্যাপক বিক্ষোভ আৰম্ভ হয় ৷হাজাৰ হাজাৰ যুৱক- যুৱতী ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ মাজতে ক্ৰমাৎ পৰিস্থিতি বেয়ালৈ ঢাল খাই ৷ বিক্ষোভকাৰীৰ আন্দোলনে হিংসাত্মক ৰূপ লোৱাৰ সমান্তৰালভাৱে বিভিন্ন চৰকাৰী আৰু ব্যক্তিগত প্ৰতিষ্ঠানত জুই জ্বলাই দিয়ে প্ৰতিবাদকাৰীয়ে ৷
আনহাতে ৯ ছেপ্তেম্বৰতো গোটেই দিনটো প্ৰতিবাদকাৰীয়ে ঠায়ে ঠায়ে আৰক্ষীয়ে খণ্ডযুদ্ধৰ লগতে বহু বিক্ষিপ্ত ঘটনা সংঘটিতৰ মাজতে নিশা একাংশ প্ৰতিবাদকাৰীয়ে গোলা দম্পতীয়ে বাহৰ পাতি থকা পঞ্চতাৰকাযুক্ত হিল্টন হোটেলত অগ্নিসংযোগ কৰে ৷ফলত প্ৰাণৰ মমতাক বহু লোক হোটেলৰ পৰা ওলাই আহিবলৈ সক্ষম হয় যদিও ৰছিৰে বগাই আহিবলৈ চেষ্টা কৰোতে গুৰুতৰভাৱে আহত হয় ৰাজেশ গোলা নামৰ মহিলা গৰাকী ৷ পিছত চিকিৎসাধীন অৱস্থাতে কৰুণ মৃত্যুক সাৱটি লয় ৷ অৱশ্যে কথমপি ৰক্ষা পৰে দুৰ্ভগীয়া মহিলা গৰাকীৰ স্বামী ৰামবীৰ সিং গোলা ৷ পশুপতিনাথ মন্দিৰ দৰ্শনাৰ্থে কাঠমাণ্ডুৰ বিভিন্ন বিলাসী হোটেলত আবদ্ধ হৈ আছে বহুজন ভাৰতীয় ৷
আনহাতে কাঠমাণ্ডুৰ পৰা শুকুৰবাৰে পুৱা ১০:৩০ বজাত ৰাজেশ গোলাৰ মৃতদেহ পৰিয়ালৰ লোকে তেওঁৰ গাজিয়াবাদৰ মাষ্টাৰ কলনীত থকা নিজৰ বাসগৃহলৈ লৈ আহে ৷ য’ত আত্মীয়-স্বজন আৰু ওচৰ-চুবুৰীয়াই তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জনায় ৷
ইপিনে , অভিশপ্ত ঘটনাৰ বিৱৰণ দি ৰাজেশ গোলাৰ জ্যেষ্ঠ পুত্ৰ বিশালে ক’লে, একাংশ আন্দোলনকাৰীয়ে পিতৃ- মাতৃয়ে বাহৰ পাতে থকা হোটেলখনত জুই লগাই দিয়ে ।চিৰিবোৰ ধোঁৱাৰ কুণ্ডলীয়ে ভৰি পৰাৰ লগে লগে দেউতাই খিৰিকীৰ কাঁচ ভাঙি চাদৰ বান্ধি বিচনা এখনত জপিয়াই পৰিল। মায়ে নামিবলৈ চেষ্টা কৰি থাকোঁতে পিছলি পৰি পিঠিত গুৰুতৰভাৱে আহত হয় ৷তেওঁক ততাতৈয়াকৈ চিকিৎসালৈ নিয়া হয় যদিও চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগে কৰে ৷
বিশালে আৰু কয় যে যোগাযোগৰ বাবে চেষ্টা কৰিছিলো যদিও সান্ধ্য আইন বলবৎ থকাত তেওঁলোকৰ সন্ধানত বাধাৰ সৃষ্টি কৰে। ‘দুদিন ধৰি আমি তেওঁলোকৰ অৱস্থাৰ বিষয়ে গম পোৱা নাছিলো।অৱশেষত দেউতাকক ৰিলিফ কেম্পত পোৱা গৈছিল যদিও মাৰ চিকিৎসালয়ত মৃত্যু হৈছিল। ভাৰতীয় দূতাবাসৰ পৰাও “নূন্যতম” সমৰ্থন লাভ নকৰাৰ অভিযোগ উত্থাপন কৰে বিশালে ৷
# ভাৰতীয় পৰ্যটকৰ দল গৃহভূমিত নিৰাপদে উপস্থিত
হিংসাত্মক প্ৰতিবাদে হিমালয়ান দেশখনৰ স্বাভাৱিক জীৱনযাত্ৰা বিঘ্নিত কৰি ৰখাৰ সময়তে ভাৰতীয় তীৰ্থযাত্ৰীৰ কেইবাটাও দল নেপালত আবদ্ধ হৈ থাকে। অৱশ্যে মহাৰাজগঞ্জৰ ভাৰত-নেপাল সীমান্তৰে ভাৰতত প্ৰৱেশ কৰা পৰ্যটকে কয়,দেশখনত হঠাতে হোৱা হিংসাত্মক ঘটনাৰ বাবে তেওঁলোকৰ ভ্ৰমণ আধাতে স্থগিত ৰাখিবলগীয়া হয় । আনহাতে নিৰাপদে ভাৰতলৈ উভতি অহা আন এগৰাকী পৰ্যটকে কয়, ‘আমি নেপালৰ পশুপতিনাথ মন্দিৰলৈ গৈ আছিলো।কিন্তু উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ বাবে আমি তালৈ যাব পৰা নাছিলো।তাত সংঘটিত পৰিস্থিতিৰ বাবে কাঠমাণ্ডু ত্ৰিভুবন আন্তৰ্জাতিক বিমানবন্দৰত বিমান চলাচল বন্ধ কৰি দিয়া হৈছিল ৷ যাৰবাবে পৰৱৰ্তী সময়ত স্থলপথেৰে আমি এতিয়া ঘৰলৈ উভতি আহিছো।
উল্লেখযোগ্য যে কাঠমাণ্ডুৰ পশুপতিনাথ মন্দিৰ পৰিদৰ্শন কৰিবলৈ যোৱা উত্তৰ প্ৰদেশৰ মুজাফ্ফৰ্নগৰৰ ১০ জনীয়া তীৰ্থযাত্ৰীৰ এটা দল বিগত তিনিদিন ধৰি নিজৰ হোটেলত আৱদ্ধ হৈ আছে। এই সকলক উদ্ধাৰৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী কপিল দেৱ আগৰৱালাই স্থানীয় বিজেপি নেতা সুনীল কুমাৰ টায়াল উপস্থিত হয় কাঠমাণ্ডুত ৷
ইফালে মধ্যপ্ৰদেশৰ ছটাৰপুৰ জিলাৰ চাৰিটা পৰিয়ালৰ কমেও ১৪জন লোকো আবদ্ধ হৈ আছে কাঠমাণ্ডুত। বুধবাৰে ভিডিঅ’ বাৰ্তাযোগে গোটটোৰ এজন সদস্যই কয় যে তেওঁলোকৰ হোটেলত খাদ্য শেষ হৈ গৈছে বুলি প্ৰকাশ কৰিছে। মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱে কয় যে আৱদ্ধ হৈ থকা তীৰ্থযাত্ৰীসকলক সুৰক্ষিতভাৱে ঘূৰি অহাৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে।
আনহাতে অন্ধ্ৰ প্ৰদেশ চৰকাৰে ৰাজ্য খনৰ তীৰ্থযাত্ৰী দল কাঠমাণ্ডত আবদ্ধ হোৱাৰ সম্ভেদ লাভ কৰাৰ পিছতে বৃহস্পতিবাৰে কাঠমাণ্ডুত আৱদ্ধ ভাৰতীয়ক ১৫৪ টা বৰ্ডিং পাছ প্ৰদান কৰিচে । ১২ জন তেলেগু পৰ্যটকক লৈ এখন চাৰ্টাৰ বিমান নিৰাপদে নেপালগঞ্জত অৱতৰণ কৰাৰ বিপৰীতে আন এখন ১০ যাত্ৰীসহ পোখাৰাৰ পৰা কাঠমাণ্ডুত উপস্থিত হয়। এই গোটসমূহে পৰৱৰ্তী সময়ত ভাৰতলৈ ইণ্ডিগোৰ বিমানত উঠিছিল। ইয়াৰ পূৰ্বে ২২ জন তেলেগু নাগৰিক নিৰাপদে উভতি আহিছিল বুলি ৰাজ্যৰ মন্ত্ৰী নৰা লোকেশে প্ৰকাশ কৰিছে।






























