Narendra Modi:বিগত ২৮ মাহ ধৰি সাম্প্ৰদায়িক হিংসাৰে জুৰুলা হৈ থকা মণিপুৰ ভ্ৰমণ কৰি শান্তিৰ বাৰ্তা প্ৰেৰণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তাত থকা সকলো সংগঠনক তেওঁ শান্তিৰ পথত আহিবলৈ অনুৰোধ জনায়। লগতে তেওঁ জনাই যে,চৰকাৰ মণিপুৰৰ লগত আছে।
বিগত ২৮ মাহ মণিপুৰলৈ যোৱা নাই প্ৰধানমন্ত্ৰী । এই সন্দৰ্ভত বিৰোধী দলসমূহে প্ৰশ্ন উত্থাপন কৰিছিল। শনিবাৰে বিয়লি মিজোৰামৰ পৰা বিমানেৰে মণিপুৰৰ ৰাজধানী ইম্ফলত উপস্থিত হয় মন্ত্ৰীগৰাকী।
তাৰ পৰা তেওঁ হেলিকপ্টাৰেৰে চুৰাচান্দপুৰ জিলালৈ যোৱাৰ কথা আছিল।কিন্তু বৰষুণৰ বাবে ৰাস্তাৰে তাত উপস্থিত হয়।
চুৰাচান্দপুৰ চহৰৰ কংলা দুৰ্গৰ চৌহদত প্ৰধানমন্ত্ৰীৰ এখন বৈঠক অনুষ্ঠিত হয়। তেওঁ ৭০০০ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে।
মণিপুৰৰ পথ আৰু ৰে’ল সংযোগ আৰু অধিক উন্নত কৰাৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে বুলিও তেওঁ কয়।
সেই বৈঠকৰ পৰাই মোদীয়ে শান্তিৰ আহ্বান জনায়। তেওঁ কয়, “সকলো সংগঠনকে অনুৰোধ কৰিছো, আপোনালোকৰ সন্তানৰ ভৱিষ্যতৰ কথা মনত ৰাখি শান্তিৰ পথত আহক। ভাৰত চৰকাৰে মণিপুৰৰ উন্নয়নৰ বাবে কাম কৰি আছে।”






























