Gaza:✒️গাজাত অব্যাহত থকা প্ৰচুৰ ৰক্তক্ষয়ী ইজৰাইল-হামাছ যুদ্ধৰ সময়তে ইজৰাইল আৰু পেলেষ্টাইনক দুখন পৃথক ৰাষ্ট্ৰ বুলি স্বীকৃতি দিলে ভাৰতসহ বিশ্বৰ ১৪২ খন দেশে। শুকুৰবাৰে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ফ্রান্সে পেলেষ্টাইনী সমস্যাৰ শান্তিপূর্ণ নিষ্পত্তিৰ হকে ‘দ্বি-ৰাষ্ট্ৰ সমাধান’ শীর্ষক এক প্রস্তাব (নিউ য়র্ক ঘোষণাৱলী) উত্থাপন কৰে।
প্ৰস্তাৱটো ভোটগ্রহণৰ জৰিয়তে গৃহীত হয়। প্রস্তাৱটোক লৈ অনুষ্ঠিত ভোটগ্রহণত ভাৰতসহ ১৪২ খন দেশে প্ৰস্তাৱটোৰ সমৰ্থনত ভোটদান কৰে। অর্থাৎ এই দেশসমূহে ইজৰাইল আৰু পেলেষ্টাইনক দুখন ৰাষ্ট্ৰৰূপে গ্রহণ কৰিছে। প্ৰস্তাৱটোৰ বিৰুদ্ধে ইজৰাইল, আমেৰিকা যুক্তৰাষ্ট্ৰ, হাংগেৰী আৰু আর্জেন্টিনাসহ মাথোঁ ১০ খন দেশহে থিয় দিয়ে। প্রস্তাৱটোৰ বিৰোধিতা কৰা আনকেইখন দেশ হ’ল মাইক্র’নেছিয়া, নৌক, পালাউ, পাপুৱা নিউগিনি, পাৰাগুৱে আৰু টংগা। আন ১২ খন দেশ ভোটদানৰ পৰা বিৰত থাকে।
ইয়াৰ লগে লগে ইজৰাইল আৰু পেলেষ্টাইনক দুখন ৰাষ্ট্ৰৰূপে বিশ্বই স্বীকৃতি প্রদান কৰাটো প্রতিপন্ন হৈছে। অর্থাৎ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই নিউয়র্ক ঘোষণাৱলীত সন্মতি জনায়। লক্ষ্যণীয় যে বিশ্বৰ ১৯৩ খন দেশক সদস্য ৰাষ্ট্ৰৰূপে লৈ গঠিত সাধাৰণ সভা হৈছে ৰাষ্ট্ৰসংঘৰ সৰ্ববৃহৎ অংগ।
ইয়াৰ পূৰ্বে যোৱা জুলাইত ফ্রান্স আৰু ছৌডি আৰবে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত এক সম্মিলনৰ আয়োজন কবে। এই সম্মিলনৰে ফল হৈছে নিউ য়র্ক ঘোষণাৱলী। প্রস্তাৱটোক লৈ ভোটগ্রহণ অনুষ্ঠিত হোৱাৰ পূৰ্বে সাধাৰণ সভাত ফ্রান্সৰ ৰাষ্ট্ৰদূত জেৰ’ম বনাফন্টে কয়, ‘নিউ য়র্ক ঘটনাৱলী হৈছে দ্বি-ৰাষ্ট্ৰ সমাধানৰ একমাত্ৰ ৰূপৰেখা।’
এই প্রস্তাৱে গাজাত তাৎক্ষণিকভাবে যুদ্ধবিৰতি ঘোষণা, গাজাত ৰখা সকলো পণবন্দীৰ মুকলি আৰু এখন সার্বভৌম পেলেষ্টাইনী ৰাষ্ট্ৰ গঠনক সামৰি লৈছে। তদুপৰি হামাছৰ নিৰস্ত্ৰীকৰণ, গাজাত চৰকাৰ গঠনৰ ক্ষেত্ৰত সংগঠনটোক বাহিৰত ৰখা, ইজৰাইল আৰু আৰব দেশসমূহৰ মাজৰ সম্পৰ্ক স্বাভাৱিককৰণ তথা সামূহিক নিৰাপত্তা নিশ্চিতৰো আহ্বান জনাইছে এই প্রস্তাৱে।
অৱশ্যে ভোটগ্রহণৰ পূর্বে এই প্রস্তাবক একপক্ষীয় ঘোষণাবলী ইজৰাইলৰ ৰাষ্ট্ৰদূত ডেনী ডেননে কয়, ‘এই একপক্ষীয় ঘোষণাৱলীক শান্তিৰ দিশত এক পদক্ষেপৰূপে সোঁৱৰণ কৰা নহ’ব। এয়া মাথোঁ এক ফোঁপোলা ভংগিমাহে আৰু ইয়ে সাধাৰণ সভাৰ বিশ্বাসযোগ্যতাক দুর্বল কৰিব।’ ইজৰাইলী ৰাষ্ট্ৰদূতজনে লগতে কয় যে সাধাৰণ সভাৰ এই প্ৰস্তাৱত অনুমোদন জনালে তাৰ সবাতোকৈ ডাঙৰ বিজয়ী হ’ব হামাছ। আনহাতে, এই প্রস্তার সম্পর্কত ৰাষ্ট্ৰসংঘৰ সচিব প্রধান এন্টনিঅ’ গুটেৰেছে কয়, ‘দ্বি-বাষ্ট্র সমাধান ৰূপায়ণে হৈছে মধ্য প্রাচ্যত শান্তি স্থাপনৰ মূল কথা। মধ্য প্রাচ্যত শান্তি আৰু নিৰাপত্তাৰে ওচৰা-উচৰিকৈ দুখন স্বতন্ত্র, সার্বভৌম আৰু গণতান্ত্রিক ৰাষ্ট্ৰ থাকিব।’






























