Asia Cup:
তীব্ৰ বিৰোধিতা আৰু বিতৰ্কৰ মাজৰে পহলগামৰ সন্ত্রাসবাদী আক্রমণ আৰু অপাৰেছন সিন্দূৰৰ পাছত দেওবাৰে এছিয়া কাপত ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হয় বহুচর্চিত টি-২০ খেলখন। ডুবাইৰ আন্তঃৰাষ্ট্ৰীয় স্টেডিয়ামত অনুষ্ঠিত খেলখনত ভাৰতে সাত উইকেটত জয়ী হয়।
খেলখনত একপ্ৰকাৰ ধাৰাশায়ী হৈ পৰে পাকিস্তান। ভাৰতে ১৫.৫ অভাৰতে তিনিটা উইকেটৰ বিনিময়ত ১৩১ ৰাণ সংগ্ৰহৰ কৰি পাকিস্তানৰ ১২৮ ৰাণৰ লক্ষ্য অতিক্ৰম কৰে। উল্লেখ্য যে টছত জয়ী খেলখনত পাকিস্তানে ছয় ৰাণত দ্বিতীয়টো, ৪৫ ৰাণত তৃতীয়টো, ৪৯ ৰাণত চতুৰ্থটো, ৬৪ ৰাণত পঞ্চম আৰু ষষ্ঠ উইকেট হেৰুৱায়। ইয়াৰ পাছতে পুনৰ ৮৩ ৰাণত সপ্তম, ৯৭ ৰাণত অষ্টম আৰু ১১১ ৰাণত নৱমটো উইকেট হেৰুৱায়।
দলটোৰ হৈ ছাহিবজাদা ফাৰহানে ৪৪টা বলত তিনিটা ছয় আৰু এটা চাৰিৰ সহায়ত সর্বাধিক ৪০ ৰাণ সংগ্ৰহ কৰে। ইয়াৰ উপৰি ছাহিন আফ্রিডীয়ে ১৬টা বলত চাৰিটা ছয়ৰ সহায়ত ৩৩ ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে। একেদৰে ফখৰ জামানে ১৫টা বলত ১৭ ৰাণ, ফাৰহীম আশ্রফে ১৪টা বলত ১১ ৰাণ, ছুফিয়ান মুকীমে ছটা বলত ১০ ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ কুলদীপ যাদৱে চাৰি অভাৰত ১৮ ৰাণ দি সর্বাধিক তিনিটা উইকেট দখল কৰে। একেদৰে অক্ষয় পেটেলে চাৰি অভাৰত ১৮ ৰাণ দি দুটা, যশপ্রীত বুমৰাহে চাৰি অভাৰত ২৮ ৰাণ দি দুটা, হার্দিক পাণ্ডিয়াই তিনি অভাৰত ৩৪ ৰাণ দি এটা, বৰণ চক্ৰৱৰ্তীয়ে চাৰি অভাৰত ২৪ ৰাণ দি এটা উইকেট দখল কৰে।
ইফালে, ১২৮ ৰাণৰ লক্ষ্য আগত লৈ ভাৰতৰ হৈ অপেনাৰ অভিষেক শর্মা আৰু শুভমন গিলৰ ফুটিয়ে ২২ ৰাণৰ বঙৰণি আগবঢ়াই আৰু গিল ছাইম আয়ুবৰ চিকাৰ হয়। গিলে সাতটা বলত দুটা চাৰিসহ মুঠ ১০ ৰাণ সংগ্ৰহ কৰে। ইয়াৰ পাছতে ভাৰতৰ ৪১ ৰাণত অভিষেক শৰ্মাৰ উইকেট পতন হয়। শৰ্মাৰো আয়ুবৰ চিকাৰ হয়। তেওঁ ১৩টা বলত চাৰিটা চাৰি দুটা ছয়ৰ সহায়ত বিস্ফোৰক বেটিঙৰে ৩১ ৰাণ সংগ্ৰহ কৰে। তদুপৰি তিলক বাৰ্মাই ৩১টা বলত দুটা চাৰি আৰু এটা ছয়ৰে ৩১ ৰাণ সংগ্ৰহ কৰি আয়ুবৰ চিকাৰ হয়। শেষত সূর্যকুমাৰ যাদৱৰ ৩৭টা বলত অপৰাজিত ৪৭ ৰাণ আৰু শিৱম ডুবেৰ সাতটা বলত অপৰাজিত ১০ ৰাণত লক্ষ্যত উপনীত হয় ভাৰত।
ADVERTISEMENT






























